দেৰগাঁৱত অব্যাহত বানৰ তাণ্ডৱ, ২১ দিন ধৰি জলমগ্ন ১২০ টা পৰিয়াল
গোলাঘাট, ০৯ আগষ্ট (হি.স.)। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁৱত অব্যাহত আছে বানৰ তাণ্ডৱ । দেৰগাঁৱত ২১ দিন ধৰি জলমগ্ন হৈ আছে ১২০ টা পৰিয়াল। দেৰগাঁৱৰ গেন্ধালী, দৰিকামাৰী আৰু গৰীয়া চাপৰিৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও পানীৰ তলত বুৰ গৈ আছ
দেৰগাঁৱত অব্যাহত বানৰ তাণ্ডৱ, ২১ দিন ধৰি জলমগ্ন ১২০ টা পৰিয়াল


গোলাঘাট, ০৯ আগষ্ট (হি.স.)। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁৱত অব্যাহত আছে বানৰ তাণ্ডৱ । দেৰগাঁৱত ২১ দিন ধৰি জলমগ্ন হৈ আছে ১২০ টা পৰিয়াল। দেৰগাঁৱৰ গেন্ধালী, দৰিকামাৰী আৰু গৰীয়া চাপৰিৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও পানীৰ তলত বুৰ গৈ আছে ।

এই অঞ্চলসমূহৰ প্ৰায় ১২০ টা পৰিয়াল বিগত ২১ দিন ধৰি ধাৰাবাহিকভাৱে জলমগ্ন হৈ আছে। ঘৰ-দুৱাৰ পানীয়ে বুৰাই পেলোৱাৰ বাবে বন্যাৰ্ত লোকসকলে এতিয়াও আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে। বানপানীৰ ফলত কৃষকসকলৰ খেতি-বাতি সম্পূৰ্ণৰূপে নষ্ট হৈছে, যাৰ ফলত ভৱিষ্যতক লৈ চরম শংকাত পৰিছে বানপীড়িত কৃষকসকল। দীৰ্ঘদিন ধৰি বানপানীৰ কৱলত পৰি থকাৰ পাছতো পৰ্যাপ্ত সাহায্য আৰু স্থায়ী সমাধানৰ ক্ষেত্ৰত প্ৰশাসন তথা স্থানীয় বিধায়কৰ উদাসীনতাক লৈ বন্যাৰ্ত ৰাইজৰ মাজত তীব্র ক্ষোভৰ সৃষ্টি হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande