খুমটাইত বানৰ তাণ্ডৱত দিশহাৰা স্থানীয় ৰাইজ
খুমটাইতো এতিয়া বানৰ তাণ্ডৱত দিশহাৰা হৈ পৰিছে স্থানীয় ৰাইজ ।
খুমটাইত বানৰ তাণ্ডৱত দিশহাৰা স্থানীয় ৰাইজ


গোলাঘাট, ০৯ আগষ্ট (হি.স.): অসমত অব্য়াহত আছে বানপানীৰ দুৰ্যোগ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ খুমটাইতো এতিয়া বানৰ তাণ্ডৱত দিশহাৰা হৈ পৰিছে স্থানীয় ৰাইজ ।

ইফালে নেপক'য়ে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ কেইবাখনো চুইচ গেট খুলি দিয়াৰ ফলত ধনশিৰি নদীৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা দেখা গৈছে। ইয়াৰ ফলত ধনশিৰি নদীৰ কাষৰীয়া খুমটাইৰ গান্ধী গাওঁ লেটেকু চাপৰিকে ধৰি কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰিছে । এতিয়া এই বানাক্ৰান্ত অঞ্চলসমূহৰ ৰাইজে নিজ গৃহ এৰি ওখ ঠাই অথৱা আশ্ৰয় শিবিৰলৈ ধাপলি মেলিছে । বাঢ়নী পানীত বুৰ গৈছে নিজৰ আপোন ঘৰখন । একেদৰে শালিধান কৰা সপোনৰ পথাৰখন । ফলত দুৰ্বিসহ দিন কটাব লগীয়া হৈছে বন্যাৰ্ত লোকসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande