
বৰপেটা, ০৯ আগষ্ট (হি.স.):বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰত যোৱা কালি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । গাঁওখনৰ আব্দুৰ ৰহমান নামৰ এজন লোকৰ গোহালি ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। ইয়াৰ ফলত গোহালিত থকা চাৰিটা গোধন আৰু তিনিটা ছাগলী অগ্নিদগ্ধ হৈ মৃত্যু হয় ।
অগ্নিকাণ্ডত গোহালি ঘৰটো সম্পূৰ্ণৰূপে ভস্মিভূত হয় । অগ্নিকাণ্ডত প্ৰায় আঢ়ৈ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় । স্থানীয় ৰাইজে অগ্নি নিৰ্বাপন কৰাত কথমপি ৰক্ষা পৰে পৰিয়ালটোৰ কেইবাটাও গৃহ । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ