
কামৰূপ, ০৮ আগষ্ট (হি.স.)। কামৰূপ জিলাৰ মান্দাকাটা শিমেলীবাৰীত আৰক্ষীৰ অভিযান। জব্দ বৃহৎ পৰিমাণৰ গো মাংস। উদ্ধাৰ কাটিবলৈ সাজু কৰা শতাধিক গোধন। ৰঙিয়া সম জিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকা আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ জ্যোতি পাটিৰিৰ নেতৃত্বত চলে এই অভিযান।
গো মাংস অবৈধ বেহাৰ লগত জড়িত মহেবুব আৰু মেহতাবৰ ঘৰত উৎখাত এই অবৈধ ঘাটি।দৰং জিলাৰ জনৈক ৰুহুল আমিন নামৰ গৰু সৰবৰাহ কাৰী গৰাকী এই অবৈধ কাৰবাৰৰ লগত জড়িত বুলি অভিযোগ উত্থাপন হৈছে। আৰু ৰাহুল আমিন আৰক্ষীৰ অভিযানৰ পূৰ্বে পলাই যাবলৈ সক্ষম হয়। গো মাংসৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত মেহতাব আলী গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মূল অভিযুক্ত মেহবুব আলী পলাই যাবলৈ সক্ষম হয়। আৰু এই গো মাংস আৰু গো সৰবৰাহৰ লগত জড়িত তিনিখন বাহন জব্দ কৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা