বৰপেটাত ভেজাল পানী সেৱন কৰি অসুস্থ এটি পৰিয়াল
ভেজাল পানী সেৱন কৰি অসুস্থ এটি পৰিয়াল।
বৰপেটাত ভেজাল পানী সেৱন কৰি অসুস্থ এটি পৰিয়াল


বৰপেটা, ০৭ আগষ্ট (হি.স.): ভেজাল পানী সেৱন কৰি বৰপেটাত অসুস্থ হৈ পৰিছে এটি পৰিয়াল। বৰপেটাৰোডত একেটা পৰিয়ালৰে চাৰিজন সদস্য ভেজাল পানী সেৱন কৰি অসুস্থ হৈ পৰাৰ কথা জানিব পৰা গৈছে । সংকটজনক অৱস্থাত আটাইকেইজনকে মেডিকেল ভৰ্তি কৰোৱা হৈছে । বৰপেটাৰোডৰ শিমলাগুৰিত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰামতে, এপলো প্লাছ (APOLLO PLUS) নামৰ বিশুদ্ধখোৱা পানী খোৱাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে একেটা পৰিয়ালৰ চাৰিজন সদস্য। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, শিমলাগুৰি নিবাসী মহেন্দ্ৰ ৰয়ে বৃহস্পতিবাৰে বিয়লি ভাগত স্থানীয় দোকানৰ পৰা এপলো প্লাছ নামৰ পানীৰ বটল এটা ক্ৰয় কৰি আনিছিল।পৰিয়ালৰ সকলোৱে সেই পানী খোৱাৰ লগে লগে তিতা সোৱাদ পায়। পানী পান কৰাৰ পিছতে একেলগে চাৰিওজন সদস্যৰে বমি হ'বলৈ ধৰে আৰু ক্ৰমে তেওঁলোক অসুস্থ হৈ পৰে।

উল্লেখ্য় যে বজাৰত এতিয়া নিয়ন্ত্ৰণহীনভাৱে কাঠফুলৰ দৰে গঢ়ি উঠিছে বিশুদ্ধ খোৱা পানীৰ উদ্যোগ । মানুহৰ স্বাস্থ্যৰ সৈতে খেলা কৰি একাংশ অসাধু ব্যৱসায়ে কোনো ধৰণৰ স্বাস্থ্যসন্মত নীতি-নিয়ম নামানি এইদৰে বিষাক্ত বা অস্বচ্ছ পানী বটলত ভৰ্তি কৰি বিশুদ্ধ খোৱা পানীৰ নামত বিক্ৰী কৰি আহিছে।এই ঘটনাৰ পিছতে ভুক্তভোগী পৰিয়ালটিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। এপলো প্লাছ (Apollo Plus) নামৰ কোম্পানী টো সৰুপেটাৰ উজান বৰবৰীৰ বুলি জানিব পৰা গৈছে।

এনেধৰণৰ কিছু কোম্পানীয়ে, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে অবৈধ ভাৱে গঢ়ি উঠা বিশুদ্ধ খোৱা পানী উদ্যোগ কোম্পানীবোৰৰ বিৰুদ্ধে ক্ষীপ্ৰতাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande