
বিশ্বনাথ, ০৭ আগষ্ট (হি.স.)। চতিয়াত উপস্থিত ৰাজ্যৰ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
চতিয়াৰ তেৱাৰীপালৰ জটায়ু এভিয়াৰীৰ (পক্ষীশালা) পৰা আবদ্ধ অৱস্থাত প্ৰজনন কৰা শগুনৰ মুকলি কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ।
বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত
পশ্চিম বনাঞ্চল চতিয়াৰ নাগশংকৰৰ তিৱাৰীপাল বন্যপ্ৰাণী সুৰক্ষা শিবিৰত বিগত প্ৰায় দুবছৰৰ পৰা বন বিভাগে প্ৰজনন আৰু ডাঙৰ দীঘল কৰা পৃথিৱীৰ বিলুপ্তপ্ৰায় প্ৰজাতি বগাপিঠীয়া আৰু লাহিঠুটিয়া ১০ টা শগুনক আজি মুকলি কৰে ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । তাৰ পিছতে মন্ত্ৰী গৰাকীয়ে নৰামাৰীস্থিত ফ্লৰিকান ইকো টুৰিজম গেটৰো শুভ উদ্বোধন কৰে । মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয়, শগুনৰ বিলুপ্তিয়ে জৈৱ বৈচিত্ৰ্যৰ যথেষ্ট ক্ষতি কৰে । সেইকাৰণে এই ধৰণৰ প্ৰজাতি সংৰক্ষণত আমি গুৰুত্ব দিছো । কাজিৰঙাৰ ষষ্ঠ সংযোজনত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে কিন্তু আমি প্ৰথমে বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণ কৰাত বেছি গুৰুত্ব দিছো । কাজিৰঙাত বনোৱা হাইলেণ্ডৰ বাবে তাত এতিয়া ঘাঁহনিৰ সংখ্যা কমাৰ বাৰ্তা আহিছে, গতিকে হাইলেণ্ড বনোৱাৰ ক্ষেত্ৰত আৰু কিছু গৱেষণাৰ প্ৰয়োজন আছে । ইফালে জামুগুৰিহাটৰ নাৰমাৰীত কাজিৰঙা ষষ্ঠ সংযোজনত প্ৰবেশদ্বাৰৰ এখন গেটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বনমন্ত্ৰী গৰাকীক আজি সংগ দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা