চেণ্ট্ৰেল গুৱাহাটী আইচিডিএচ প্ৰকল্পত বিশ্ব স্তনপান সপ্তাহৰ সফল সামৰণি
গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ পালন কৰা বিশ্ব স্তনপান সপ্তাহ মহিলা তথা শিশু উন্নয়ন বিভাগৰ অন্তৰ্গত চেণ্ট্ৰেল গুৱাহাটী মালিগাঁৱৰ ভৰলুমুখ চাৰকলতো সফলভাবে সামৰণি পৰে। এই উপলক্ষে ভৰলুমুখ চাৰ্কলত সপ্তাহজুৰি সজাগতা মূলক বিভিন্ন কাৰ্
Image of the Rally under the World Breastfeeding Week in Central Guwahati ICDS Project.


গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ পালন কৰা বিশ্ব স্তনপান সপ্তাহ মহিলা তথা শিশু উন্নয়ন বিভাগৰ অন্তৰ্গত চেণ্ট্ৰেল গুৱাহাটী মালিগাঁৱৰ ভৰলুমুখ চাৰকলতো সফলভাবে সামৰণি পৰে। এই উপলক্ষে ভৰলুমুখ চাৰ্কলত সপ্তাহজুৰি সজাগতা মূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

চেণ্ট্ৰেল গুৱাহাটী মালিগাঁও প্ৰকল্পৰ ভৰলুমুখ চাৰ্কলত একেৰাহে সাত দিন ধৰি সজাগতামূলক সভা, ৰেলী, ছয় মাহলৈ মাকৰ গাখীৰ খোৱাৰ শপত পাঠ আৰু বিভিন্ন স্বাস্থ্যসচেতনতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

সপ্তাহজুৰি আংগনৱাড়ী কৰ্মী, ছুপাৰভাইজাৰ আৰু মহিলা তথা শিশু উন্নয়ন বিভাগৰ বিষয়াসকলে নিজ নিজ এলেকাত উপস্থিত থাকি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আংগনৱাড়ী কৰ্মী আৰু ছুপাৰভাইজাৰসকলে ঘৰে ঘৰে গৈ স্তনপান কৰোৱা মাতৃ আৰু শিশুৰ স্বাস্থ্যসুৰক্ষাৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ লগতে শিশুৰ বৃদ্ধি নিৰীক্ষণ (গ্ৰোথ মনিটৰিং) আৰু আন আন স্বাস্থ্য সম্পৰ্কীয় কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande