
নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। উপ-সভাপতি চি.পি. ৰাধাকৃষ্ণনে অহা ৮ আৰু ৯ আগষ্টত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ দুদিনীয়া ভ্ৰমণলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্ৰী বিজয়পুৰমৰ চেলুলাৰ জেল ৰাষ্ট্ৰীয় স্মাৰকত স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে হৰ ঘৰ তিৰংগা অভিযানকে ধৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
উপ-ৰাষ্ট্ৰপতি সচিবালয়ৰ মতে, উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অহা ৮ আগষ্টত শ্ৰী বিজয়পুৰমৰ চেলুলাৰ জেইল ৰাষ্ট্ৰীয় স্মাৰক পৰিদৰ্শন কৰিব, য’ত তেওঁ শ্বহীদ স্তম্ভত শ্ৰদ্ধাঞ্জলি জনাব, স্বতন্ত্ৰ জ্যোতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, আৰু বীৰ সাৱৰকাৰৰ কোঠা পৰিদৰ্শন কৰিব। ইয়াৰ পিছত তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু সাহসী স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক চিত্ৰিত কৰা এক পোহৰ আৰু শব্দৰ শ্ব’ৰ সাক্ষী হ’ব।
ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ ৯ আগষ্টত শ্ৰী বিজয়পুৰমৰ পতাকা পইণ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি হৰ ঘৰ তিৰঙা অভিযানত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ পিছত তেওঁ ডাঃ বি.আৰ. আম্বেদকাৰ ইনষ্টিটিউট অৱ টেকন'লজিৰ প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান বন্দে মাতৰমৰ ওপৰত তিৰঙা কনচাৰ্টত অংশগ্ৰহণ কৰিব।
বিয়লি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ঐতিহাসিক নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপটোও পৰিদৰ্শন কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া