
ডিব্ৰুগড়, ০৭ আগষ্ট (হি.স.)। এইবাৰ অসম চাহ মজদুৰ সংঘৰ ওপৰত ক্ষোভিত হৈছে স্বয়ং বাগিচাখনৰে চাহ মজদুৰ সকলে। নাহৰকটীয়া আচাবাম চাহ বাগিচাৰ চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ সভাপতি ৰাজু তাঁতী আৰু সম্পাদক সন্তান্ত তান্দ্ৰীয়াই দীৰ্ঘ দিনৰে পৰা বাগিচাখনত নিজৰ মইমতালিৰে কাম কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰাথমিক গোটৰ দ্বাৰা কৰিবলগীয়া কামৰ বিনিময়ত সভাপতি সম্পাদকে টকাৰ লেনদেন কৰে বুলি ক্ষোভিত হয় বাগিচাখনৰ চাহ শ্ৰমিক সকল। তাৰোপৰি শ্ৰমিকৰ কোনো ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগীতা আগনবঢ়ায় সয়ম্ভু সভাপতি ৰাজু তাঁতী আৰু সম্পাদক সন্তান্ত তান্দ্ৰীয়াই। এক অসাধু চক্ৰই দীৰ্ঘ দিনৰে পৰা বাগিচাখনত অনৈতিক কাৰ্যকলাপৰ লগত জড়িত হৈ থকা বিষয় পোহৰলৈ অহাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে মদগৰ্বী সভাপতি সম্পাদক দ্বয়ে।সভাপতি সম্পাদকৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে সমিতিৰ পৰা অব্যাহতি লোৱাৰ দাবী উত্থাপন কৰে শ্ৰমিক সকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ