বাক্সাৰ ডেকাদোঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ
বাক্সা, ০৭ আগষ্ট (হি.স.)। বাক্সা জিলাৰ ডুমুনী আৰক্ষী চকীৰ অন্তৰ্গত ডেকাদোংত অচিনাক্ত মৃতদেহ উদ্ধাৰ । মৃতদেহ উদ্ধাৰৰ পিছতেই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ।ডুমুনী চাহ বাগিচাৰ ১৮ নং লাইনত উদ্ধাৰ হৈছে মৃতদেহটো । প্লাষ্টিকেৰে ঢাকি থোৱা অৱ
বাক্সাৰ ডেকাদোঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ


বাক্সা, ০৭ আগষ্ট (হি.স.)। বাক্সা জিলাৰ ডুমুনী আৰক্ষী চকীৰ অন্তৰ্গত ডেকাদোংত অচিনাক্ত মৃতদেহ উদ্ধাৰ । মৃতদেহ উদ্ধাৰৰ পিছতেই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ।ডুমুনী চাহ বাগিচাৰ ১৮ নং লাইনত উদ্ধাৰ হৈছে মৃতদেহটো ।

প্লাষ্টিকেৰে ঢাকি থোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ ।ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande