তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ‘একবিংশ শতিকাৰ অসমীয়া নাটক’ শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন
–নাট্য চৰ্চাৰ ক্ষেত্ৰত নতুন চিন্তা ,পৰীক্ষা -নিৰীক্ষাৰ ওপৰত গুৰুত্ব –অন্তৰংগ থিয়েটাৰ আৰু মিনিমেল থিয়েটাৰৰ ওপৰত আলোকপাত বিশিষ্ট নাট্যকাৰ -পৰিচালক হিল্লোল কুমাৰ পাঠকৰ শোণিতপুৰ, ০৭ আগষ্ট (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি বিভ
তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত


তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত


–নাট্য চৰ্চাৰ ক্ষেত্ৰত নতুন চিন্তা ,পৰীক্ষা -নিৰীক্ষাৰ ওপৰত গুৰুত্ব –অন্তৰংগ থিয়েটাৰ আৰু মিনিমেল থিয়েটাৰৰ ওপৰত আলোকপাত বিশিষ্ট নাট্যকাৰ -পৰিচালক হিল্লোল কুমাৰ পাঠকৰ

শোণিতপুৰ, ০৭ আগষ্ট (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি বিভাগৰ ডিজিটেল শ্ৰেণীকক্ষত এক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়। বক্তৃতানুষ্ঠানৰ সমল ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ, পৰিচালক হিল্লোল কুমাৰ পাঠক। অনুষ্ঠানটোৰ আঁত ধৰে বিভাগীয় মুৰব্বী অধ্যাপক বিনীতা বৰা দেৱচৌধুৰীয়ে।

সমল ব্যক্তি হিল্লোল কুমাৰ পাঠকক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে তেখেতৰ পৰিচয় আগবঢ়ায় অসমীয়া বিভাগৰ গৱেষক ছাত্ৰী নিশামণি মহন্তই৷ বক্তৃতানুষ্ঠানটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাগুৰুসকলৰ লগতে গৱেষক-গৱেষিকা, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷ বক্তৃতানুষ্ঠানৰ মূল আলোচ্য বিষয় আছিল ‘একবিংশ শতিকাৰ অসমীয়া নাটক’৷ সমল ব্যক্তি বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা নাট্যকৰ্মী হিল্লোল কুমাৰ পাঠকে একবিংশ শতিকাৰ অসমীয়া নাটকৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যৎ সম্ভাৱনাৰ বিভিন্ন দিশৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়। তেখেতে বক্তৃতাত নাট্যচৰ্চাৰ ক্ষেত্ৰত নতুন চিন্তা, পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজনীয়তাৰ দিশত গুৰুত্ব আৰোপ কৰে।

তেখেতে অন্তৰংগ থিয়েটাৰ আৰু মিনিমেল থিয়েটাৰৰ ধাৰণাৰ বিষয়েও আলোচনা কৰে আৰু মিনিমেল থিয়েটাৰত সীমিত উপাদানৰ সহায়ত কিদৰে পৰিৱেশন পাঠ এটা সৃষ্টি কৰিব পাৰি, সেই সম্পৰ্কে মত প্ৰকাশ কৰে। কোনো এটা কাহিনী বা চৰিত্ৰক পৰম্পৰাগতভাৱে উপস্থাপন কৰাৰ পৰিৱৰ্তে পৃথক তথা নতুন দৃষ্টিভংগীৰে চৰিত্ৰৰ পুনৰ নিৰ্মাণ কৰাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে। নাটক এখনত এটা চৰিত্ৰ কেনেদৰে সৃষ্টি আৰু বিকশিত হয়, সেই প্ৰসংগতো নাট্যকাৰগৰাকীয়ে গুৰুত্বপূৰ্ণ মতামত আগবঢ়ায়। বিশেষকৈ বুৰঞ্জীৰ চৰিত্ৰসমূহক সমসাময়িক দৃষ্টিভংগীৰে পুনৰ নিৰ্মাণ কৰাৰ সম্ভাৱনা আৰু কোনো বাস্তৱ চৰিত্ৰ বা কাহিনীৰ চৰিত্ৰক নাট্যকাৰ বা পৰিচালকৰ নিজস্ব দৃষ্টিভংগীৰে পুনৰ নিৰ্মাণ কৰাৰ বিষয়ে তেখেতে আলোচনা আগবঢ়ায়। ইয়াৰ লগতে সংলাপবিহীন থিয়েটাৰৰ ধাৰণা আৰু ইয়াৰ সম্ভাৱনাৰ বিষয়েও তেখেতে আলোকপাত কৰে।

বক্তৃতাৰ শেষত এক প্ৰশ্নোত্তৰ শিতান আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। এই শিতানত উপস্থিত গৱেষক, ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা নিশামণি মহন্ত, বিশাল দাস, অনিন্দিতা হাজৰিকা, অবিনাশ বৰাই অসমীয়া নাটকৰ সমসাময়িক প্ৰেক্ষাপট, অভিযোজনা, থিয়েটাৰ ব্যৱস্থাপনা, নতুন নাট্যধাৰা আৰু ভৱিষ্যৎ সম্ভাৱনাৰ বিষয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। সমল ব্যক্তি হিল্লোল কুমাৰ পাঠকে প্ৰশ্নসমূহৰ উত্তৰ আগবঢ়াই অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। শেষত অসমীয়া বিভাগৰ গৱেষক ছাত্ৰী নিশামণি মহন্তই আগবঢ়োৱা শলাগৰ শৰাইৰে অনুষ্ঠানটোৰ সামৰণি পৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande