
শোণিতপুৰ, ০৭ আগষ্ট (হি.স.)। ঐতিহ্যমণ্ডিত তেজপুৰ সাহিত্য চ'ৰাৰ ৫৭৭ সংখ্যক বৈঠকখনি সভাপতি অক্ষয় মিশ্ৰৰ চ'ৰা ঘৰত অনুষ্ঠিত হয় । চ'ৰাৰ উপ সভাপতি মানিক বৰাৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকখনিৰ শুভাৰম্ভনি ঘটে ড°সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ মংগলাচৰণেৰে । ইয়াৰ পিচতে অক্ষয় মিশ্ৰৰ নাতি কনমানি অভীস্পা মিশ্ৰই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি কবিতাৰ আবৃত্তিৰে সকলোকে আপ্লুত কৰে । ইয়াৰ পিচতে সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই শোক প্ৰস্তাৱ পাঠ কৰে। বান বিধস্ত উজনি অসমত প্ৰাণ হেৰুৱা সকলো জ্ঞাত-অজ্ঞাত ব্যক্তিৰ লগতে সদ্যপ্ৰয়াত কামাখ্যা চক্ৰৱৰ্তী, জুৰি কলিতা,সাহিত্যিক গীতা উপাধ্যায়,কৃষ্ণকান্ত ঝাৰ বিদেহ আত্মাৰ সদ্গতিৰ অৰ্থে এক মিনিট সময় চ'ৰাৰ সদস্যসকলে মৌন প্ৰাৰ্থনা কৰে।
ইয়াৰ পিচতে বিগত সভাৰ কাৰ্যবিৱৰণী পাঠ কৰে সহ:সম্পাদক ড°সঞ্জয় কুমাৰ ডেকাই। চ'ৰাৰ পৰবৰ্তী কাৰ্যসূচী অনুসাৰে স্বৰচিত পাঠ শিতানত ড°শিৱৰঞ্জন মহন্তই 'মুখা শিল্পৰ অৱলোকন' শীৰ্ষক প্ৰবন্ধ পাঠ কৰে। প্ৰবন্ধটিৰ সম্পৰ্কত আলোচনাত ভাগ লৈ দিলীপ কুমাৰ বৰুৱাই প্ৰবন্ধটিত তেজপুৰৰ শতবৰ্ষ গৰকা মুখা শিল্পৰ ঐতিহ্য সন্নিবিষ্ট হ'লে সমীচীন হ'ব বুলি মন্তব্য কৰে। ড° ৰবীন দত্তই প্ৰবন্ধটিত হেঙুল-হাইতালৰ ব্যৱহাৰৰ প্ৰসংগ তথ্য সমৃদ্ধ ৰূপত উপস্থাপিত হোৱা নাই বুলি মন্তব্য কৰাৰ লগতে অজন্তা-ইলোৰা গুহা চিত্ৰৰ উল্লেখ হোৱা নাই বুলি মত প্ৰকাশ কৰে। ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যই মুখা শিল্প সম্বন্ধে ভাৰতৰ বাহিৰতো চৰ্চা হোৱাৰ দৃষ্টিৰে প্ৰবন্ধটো গুৰুত্বপূৰ্ণ বুলি মন্তব্য প্ৰদান কৰি প্ৰবন্ধটিত ব্যৱহৃত কিছু শব্দৰ শুধৰণি কৰি দিয়ে। ড° সুৰেশ কুমাৰ আৰ্যই মহাপুৰুষজনাক গুৰু ৰূপে প্ৰতিষ্ঠা কৰিবলৈ গ'লে আমাৰেই ক্ষতি, তেৰাৰ সাংস্কৃতিক দৰ্শনহে আমি প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হ'ব লাগে বুলি মন্তব্য কৰি প্ৰবন্ধটি বিদ্যায়তনিক হৈছে বুলি মত প্ৰকাশ কৰে। ড° পল্লৱ ভট্টাচাৰ্যই বিদ্যায়তনিক লেখাত সামগ্ৰিকতাৰে পৰা বিশেষলৈ যোৱা নীতি গ্ৰহণ কৰা নীতি বাঞ্চনীয় বুলি মত প্ৰকাশ কৰি প্ৰবন্ধকাৰ তাৰ পৰা বিচ্যুত হৈছে বুলি কৈ প্ৰাচীন ভাৰতীয় মুখা শিল্পৰ ঐতিহ্য, সিন্ধু সভ্যতাৰ পৰম্পৰা, গ্ৰীক নাট্যকলাৰ প্ৰভাৱ প্ৰণালীবদ্ধভাবে উল্লেখ হোৱা বাঞ্চনীয় বুলি মন্তব্য কৰে।
ইয়াৰ পিছত জীতেন গোস্বামীয়ে 'বিশ্বাসে গঢ় দিয়া আমাৰ জীৱনটো' শীৰ্ষক লেখা পাঠ কৰে। কুমুদ শইকীয়াই লেখাটোৰ ধৰি অংকশাস্ত্ৰবিদ শ্ৰী নিবাস ৰামানুজনৰ গাড়ীৰ নম্বৰ সম্পৰ্কে থকা অন্ধবিশ্বাসৰ কথা স্মৰণ কৰি সকলোকে আমোদ দিয়ে। ভুবন চন্দ্ৰ গগৈয়ে পঢ়াশলীয়া কালত ১৩ সংখ্যাই কিদৰে আহুকাল দিছিল সেইকথা মনত পেলাই সকলোকে হাঁহিৰ খোৰাক দিয়ে। স্বৰচিত পাঠ শিতানত ইয়াৰ পৰবৰ্তী পৰ্যায়ত ভূবন চন্দ্ৰ গগৈয়ে তেওঁৰ উপন্যাস 'হীৰা দত্ত'ৰ দুটা খণ্ড পাঠ কৰে। ইয়াৰ পিছত শেখৰ বৰুৱাই 'অস্পষ্ট বেদনা' শীৰ্ষক গল্প পাঠ কৰে। মানিক বৰাই গল্পটো ভাল হৈছে বুলি কৈ আলংকৰিক শব্দৰ ব্যৱহাৰেৰে গল্পটোৰ পৰিমাৰ্জিত ৰূপ এটা দিব পৰা যাব বুলি মন্তব্য কৰে। চেৰাপ ভাটিৰ উল্লেখেৰে গল্পটো পঠনীয় হৈছে বুলি মত প্ৰকাশ কৰে। ড° শিৱৰঞ্জন মহন্তই গল্পটোৰ আঁত ধৰি দেশীয় সুৰাৰ প্ৰসংগ উল্থাপন কৰে। নৰেন চন্দ্ৰ গোস্বামীয়ে অসমৰ প্ৰায় সকলো চাহ বাগানত দেশীয় মদ ব্যৱহাৰ কৰি শ্ৰমিকক শোষণ কৰাৰ এক দস্তুৰ প্ৰচলিত আছিল বুলি মন্তব্য কৰে। ইয়াৰ পৰবৰ্তী সময়ত পবীন্দ্ৰনাথ কলিতাই 'বৈঠা মাৰ' বৈঠা মাৰ' ৰে' শীৰ্ষক লেখা পাঠ কৰে। অক্ষয় কুমাৰ মিশ্ৰই ফুটবল সম্পৰ্কীয় এই লেখাটোৰ মাজত জাতীয় চেতনা ফুটি উঠিছে বুলি মন্তব্য কৰে। ভুবন চন্দ্ৰ গগৈয়ে লেখাটো সুন্দৰ হৈছে বুলি মন্তব্য কৰে। কুমুদ শইকীয়াই নটসূৰ্য ফণী শৰ্মা আৰু বিষ্ণু ৰাভাৰ ফুটবল প্ৰেমৰ কথা উল্লেখ কৰে।
ইয়াৰ পিচত 'মহাকালৰ চিঞৰ' শীৰ্ষক গল্প পাঠ কৰে দিলীপ বৰাই। নবীন চন্দ্ৰ লহকৰে গল্পটোত গ্ৰাম্য জীৱনৰ সজীৱ চিত্ৰ ফুটি উঠিছে বুলি মন্তব্য কৰি হাতীৰ প্ৰসংগৰে গল্পটো সুন্দৰ হৈ উঠিছে বুলি মত প্ৰকাশ কৰে। ভুবন চন্দ্ৰ গগৈ আৰু দিলীপ কুমাৰ বৰুৱাইও গল্পটোৰ সন্দৰ্ভত মতামত সদৰি কৰে। ইয়াৰ পিচত অহা বৰ্ষৰ জানুৱাৰী মাহত উদযাপিত হ'বলগীয়া সোণালী জয়ন্তী বৰ্ষ উদযাপন সম্পৰ্কে চ'ৰাত আলোচনা হয়। পৰবৰ্তী বৈঠক পবীন্দ্ৰ নাথ কলিতাৰ ঢ'ৰা ঘৰত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰা হয়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ