তামুলপুৰৰ গড়ভিতৰ গাঁৱৰ দুখনকৈ গুৰুত্বপূৰ্ণ দলঙৰ আধাৰশিলা স্থাপন
তামুলপুৰৰ গড়ভিতৰ গাঁৱৰ দুখনকৈ গুৰুত্বপূৰ্ণ দলঙৰ আধাৰশিলা স্থাপন।
তামুলপুৰৰ গড়ভিতৰ গাঁৱৰ দুখনকৈ গুৰুত্বপূৰ্ণ দলঙৰ আধাৰশিলা স্থাপন


তামুলপুৰ, ০৭ আগষ্ট (হি.স.): তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জানৰপাৰ আৰু উজিৰখাটৰ পথৰ উন্নয়নৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ। আজি গড়ভিতৰ গাঁৱত দুখনকৈ দলঙৰ আধাৰশিলা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই আধাৰশিলা উন্মোচন কৰে তামুলপুৰৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিটিচি সদস্য (MCLA) ৰেখা ৰাণী দাস বড়োৱে।

উল্লেখ্য় যে দীর্ঘদিনীয়া দাবীৰ অন্তত এই দলং দুখনৰ কাম আৰম্ভ হোৱাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজসকল । এই আধাৰশিলা স্থাপন অনুষ্ঠানত অঞ্চলটোৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ লগতে শ শ স্থানীয় ৰাইজ উপস্থিত থাকে। দলং দুখন সম্পূৰ্ণ হৈ উঠিলে জানৰপাৰ আৰু উজিৰখাট অঞ্চলৰ যাতায়ত ব্যৱস্থাৰ এক অভূতপূৰ্ব পৰিৱৰ্তন আহিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande