
কামৰূপ, ০৭ আগষ্ট (হি.স.)। কামৰূপ জিলাৰ ডিমৰীয়াৰ বান্দৰগোগ, মাগুৰছিলা আদি অঞ্চলত ৰাজহুৱা পুখুৰী খননৰ নামত ভূমি সংৰক্ষণ বিভাগৰ কামত ব্যাপক লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে । পুখুৰীৰ পুনৰ নিৰ্মাণ আৰু খননৰ নামত বিভাগটোৰ একাংশ বিষয়াই পূৰ্বৰ ৰাজহুৱা পুখুৰীতে ফলক লগাই উদৰস্ত কৰিছিল প্ৰায় দুই কৌটি টকাৰো অধিক ধন। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত চলোৱা ক্ষেত্ৰভিত্তিক পৰ্যৱেক্ষণত পোহৰলৈ আহিছিল এই সমগ্ৰ তথ্য।
ইয়াৰ পিছতে আজি ডিমৰীয়া সমজিলা আয়ুক্ত কংকণ শৰ্মাই পাহাৰীয়া অঞ্চলটোত উপস্থিত হৈ সমগ্ৰ বিষয় পুনৰীক্ষণ কৰি শীঘ্ৰেই এইক্ষেত্ৰত উপযুক্ত তদন্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে কাৰ্বি জনগোষ্ঠী অধ্যুষিত এই বৃহত্তৰ পাহাৰীয়া অঞ্চলটোত প্ৰায় ১৫ টা ৰাজহুৱা পুখুৰী পুনৰ নিৰ্মাণ কৰা দেখুৱাই কেৱল ফলক লগায়েই ভূমি সংৰক্ষণ বিভাগে প্ৰায় দুই কৌটি টকা লুণ্ঠনৰ অভিযোগ উঠিছে ।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar