কোকৰাঝাৰত শিক্ষকৰ এই ধৰ্ণা
কোকৰাঝাৰ, ০৭ আগষ্ট (হি.স.)। কোকৰাঝাৰত শিক্ষকৰ ধৰ্ণা ৷ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত (SRD) শিক্ষক সকলক এচএনএ স্পৰ্ষ মডিউলযোগে বেতন প্রদানৰ নিৰ্দেশ বাতিলৰ দাবীত কোকৰাঝাৰত শিক্ষকৰ এই ধৰ্ণা । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ চহৰ স্থিত জিলা শিক
কোকৰাঝাৰত শিক্ষকৰ এই ধৰ্ণা


কোকৰাঝাৰ, ০৭ আগষ্ট (হি.স.)। কোকৰাঝাৰত শিক্ষকৰ ধৰ্ণা ৷ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত (SRD) শিক্ষক সকলক এচএনএ স্পৰ্ষ মডিউলযোগে বেতন প্রদানৰ নিৰ্দেশ বাতিলৰ দাবীত কোকৰাঝাৰত শিক্ষকৰ এই ধৰ্ণা । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ চহৰ স্থিত জিলা শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰাথমিক শিক্ষক সন্মিলনীয়ৰ কোকৰাঝাৰ জিলা কমিটিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই ধৰ্ণা কাৰ্যসূচী ৷

ধৰ্ণা কাৰ্যসূচীত কোকৰাঝাৰ জিলাৰ তিনিটা মহকুমা ক্ৰমে কোকৰাঝাৰ, গোসাইগাঁও আৰু পৰ্বতঝৰা মহকুমাৰ তিনি শতাধিক শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে ৷ ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী শিক্ষক শিক্ষয়িত্ৰী সকলে স্পষ্ট কৰি দিয়ে যে নতুন মডিউলৰ অধীনত দৰমহা গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে পূৰ্বৰ দৰে জিলা কোষাগাৰৰ জৰিয়তে দৰমহা প্ৰদানৰ দাবীত অটল থাকিব।

তেওঁলোকে কয় যে কোনো শিক্ষকেই বিদ্যালয় এৰি ৰাজপথলৈ ওলাই আহিব নিবিচাৰে; কিন্তু চৰকাৰৰ সিদ্ধান্তৰ বাবেই তেওঁলোক বাধ্য হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে। শিক্ষক সকলে চৰকাৰক বিষয়টো শীঘ্ৰে সমাধান কৰি পূৰ্বৰ ব্যৱস্থা অনুসৰি জিলা কোষাগাৰৰ জৰিয়তে দৰমহা প্ৰদানৰ দাবী জনাইছে ৷

আনহাতে আজিৰ ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত কোকৰাঝাৰ জিলা কমিটিয়ে ধৰ্ণাস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ ছয় দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ অসম চৰকাৰে প্ৰাথমিক শিক্ষক সন্মিলনীৰ দাবী সমূহ অতি শীঘ্ৰে পূৰণ নকৰে তেন্তে অহা ১২ জুলাইৰ পৰা ৰাজ্যজুৰি পুনৰ তীব্ৰ শক্তিশালী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি সকিয়াই দিছে প্ৰতিবাদকাৰী শিক্ষক শিক্ষয়িত্ৰী সকলে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande