
শিৱসাগৰ, ০৭ আগষ্ট (হি.স.)। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ১০ হাজাৰ কোটিৰ বিশেষ পেকেজৰ দাবী কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই।সন্থাৰ সভাপতি বসন্ত গগৈয়ে আজি শিৱসাগৰত এক সংবাদ মেল সম্বোধন কৰি জিলা দুখনৰ বান পৰিস্থিতিক লৈ চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।
সংগঠনটোৱে বান সমস্যাৰ বৈজ্ঞানিক সমাধানৰ বাবে ১০ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ, ফ্লাড প্লেইন যোনিং এক্ট কাৰ্যকৰী, উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন, মথাউৰি মেৰামতি আৰু যমুনা বেদখলমুক্ত কৰাৰ দাবী জনায়। লগতে নগালেণ্ডৰ অবৈধ কয়লা খনন বন্ধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰে। দাবী পূৰণ নকৰিলে সংগঠনটোৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সকীয়নি দিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা