

–তেজপুৰৰ হেৰিটেজ গৃহত ঐতিহ্য তেজপুৰৰ অনাড়ম্বৰ অনুষ্ঠানত সমবেত প্ৰবীণ শিল্পী –সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে সুদীৰ্ঘ ৩০ বছৰ গীত পৰিবেশন কৰা বিশিষ্ট কন্ঠশিল্পী অঞ্জু দেৱীয়ে অলকা চলিহাক পৰিধান কৰোৱালে আকৰ্ষণীয় মুকুট –অঞ্জু দেৱীৰ গীতত ৯৪ বছৰীয়া অলকা চলিহাৰ নৃত্য প্ৰদৰ্শন -মন্ত্ৰমুগ্ধ সকলো –প্ৰাক্তন ছাত্ৰী বিশিষ্ট সমাজকৰ্মী মিনাক্ষী ভূঞাৰ লগতে আন সকলকো চুমাৰে ওপচালে অশীতিপৰ অলকা চলিহাই
শোণিতপুৰ, ০৭ আগষ্ট (হি স)। অসমৰ প্ৰথমগৰাকী আনুষ্ঠানিক নৃত্যকলাৰ শিক্ষাগুৰু, অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ প্ৰথমগৰাকী নৃত্য বিভাগৰ শিক্ষয়িত্ৰী তথা নৃত্য গুৰু উপাধিৰে তেজপুৰৰ সৰ্বত্ৰে পৰিচিত অলকা চলিহাক আজি ঐতিহ্য তেজপুৰ শীৰ্ষক অনুষ্ঠানে ২০২৬ বৰ্ষৰ ঐতিহ্য তেজপুৰ সন্মান শীৰ্ষক বিশেষ সন্মানেৰে বিভূষিত কৰে ।
উল্লেখ্য যে তেজপুৰ চহৰৰ মাধৱ চন্দ্ৰ পথৰ চলিহা কুটিৰ নামৰ তেজপুৰৰ সংগীত ক্ষেত্ৰখনৰ হেৰিটেজ গৃহ হিচাপে পৰিগণিত ৯৪ বছৰীয়া প্ৰসিদ্ধ নৃত্যশিল্পী গৰাকীৰ বাসগৃহতে আয়োজিত অনাড়ম্বৰ অনুষ্ঠানটিত ঐতিহ্য তেজপুৰ ৰ বিষয়ববীয়া আৰু সদস্যা সকলৰ উপস্থিতিত ঐতিহ্য তেজপুৰৰ তৰফৰ পৰা প্ৰথমেই এসময়ৰ তেজপুৰৰ জনপ্ৰিয় কন্ঠশিল্পী তথা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে সুদীৰ্ঘ ৩০ বছৰ ধৰি গীত পৰিবেশন কৰা অঞ্জু দেৱীয়ে এটি আকৰ্ষণীয় মুকুট নৃত্যশিল্পী গৰাকীৰ শীৰত পৰিধান কৰোৱাৰ পিছত প্ৰবীণ নৃত্যশিল্পী গৰাকীৰ একালৰ ছাত্ৰী, বিশিষ্ট সমাজকৰ্মী তথা প্ৰয়াত কমলা প্ৰসাদ আগৰৱালাৰ কন্যা মিনাক্ষী ভূঞাই এখন স্মাৰক বস্ত্ৰ পিন্ধোৱাৰ পিছত ঐতিহ্য তেজপুৰৰ সম্পাদিকা বিশিষ্ট সাংস্কৃতিক কৰ্মী মিনাক্ষী ডেকাই প্ৰশস্তি পত্ৰখন পাঠ কৰি ঐতিহ্য তেজপুৰৰ সভাপতি গীতালি বৰুৱাৰ লগতে উপস্থিত সকলোৰে সৈতে অৰ্পণ কৰে।
উল্লেখ্য যে ঐতিহ্য তেজপুৰ ৰ সম্পাদিকা মিনাক্ষী ডেকাই আঁত ধৰা অনুষ্ঠানটিত ৯৪ বছৰীয়া প্ৰসিদ্ধ নৃত্যশিল্পী গৰাকীয়ে অঞ্জু দেৱীয়ে পৰিৱেশন কৰা গীতৰ তালে তালে নৃত্যৰ ভঙ্গিমাৰে সকলোকে আপ্লুত কৰি তোলে । আনহাতে প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতা, বিশিষ্ট সমাজকৰ্মী মৃণালিনী বৰা, অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অৰুণা দেৱী ,নৃত্যশিল্পী গৰাকীৰ এসময়ৰ ছাত্ৰী তথা এসময়ৰ নৃত্যশিল্পী তেজপুৰ একাডেমীৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা নিবেদিতা ভট্টাচাৰ্য্য, ৰূপা দেৱী, দিপিকা দত্ত ধৰি একাংশ প্ৰাক্তন ছাত্ৰীৰ উপস্থিতিত তাহানিৰ নৃত্যকলা আৰু সংগীত ক্ষেত্ৰখনৰ কেতবোৰ স্মৃতি সদৰি কৰি নষ্টালজিক হৈ পৰে প্ৰবীণ শিল্পীগৰাকী । অনুষ্ঠানটিত ঐতিহ্য তেজপুৰ ৰ সম্পাদিকা মিনাক্ষী ডেকাই ২০১৮ চনতেই গঢ়ি উঠা অনুষ্ঠানটিয়ে তেজপুৰৰ ঐতিহ্যক প্ৰতিফলিত কৰিব পৰাকৈ কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে তেজপুৰৰ পৰা শিল্পকলা ক্ষেত্ৰখনক চহকী কৰা অলকা চলিহাৰ দৰে ব্যক্তিক ঐতিহ্য তেজপুৰ সন্মান প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰি এসময়ৰ বংগৰ কন্যা আলোকনা সেনগুপ্ত কেনেকৈ তেজপুৰৰ প্ৰসিদ্ধ নৃত্যশিল্পী অজয় চলিহালৈ বিয়া হৈ অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ সৈতে একাত্ম হৈ পৰিছিল সেই কথা সদৰি কৰে। তেজপুৰৰ প্ৰয়াত শিল্পী প্ৰদীপ সিংহৰ জৰিয়তে প্ৰয়াত নৃত্যশিল্পী অজয় চলিহাৰ পত্নী তথা বংগ কন্যা আলোকনা সেনগুপ্ত জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ নৃত্যৰ শিক্ষয়ত্ৰী হিচাপে যোগদান কৰিছিল সেই কথা সদৰি কৰি অসংখ্য সাংস্কৃতিক অনুষ্ঠানত নৃত্য আৰু গীতি আলেখ্য পৰিচালনা কৰাৰ তথ্য ব্য়ক্ত কৰে। এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা বিশিষ্ট অনাতাঁৰ শিল্পী ৰুবী সিংহই অলকা চলিহাক উদ্দেশ্যী লিখা এখন পত্ৰ পাঠ কৰি দিয়ে।
মন কৰিবলগীয়া যে অশীতিপৰ নৃত্যশিল্পী গৰাকীয়ে আজিৰ এই বিশেষ দিনটোত বাসগৃহত উপস্থিত হোৱা এসময়ৰ নৃত্যৰ ছাত্ৰী সকলক লগ পাই কাষলৈ মাতি নি চুমাৰে ওপচাই পেলোৱা দৃশ্যই সকলোকে মোহিত কৰে । প্ৰত্যেকগৰাকী প্ৰাক্তন ছাত্ৰী তথা এসময়ৰ নৃত্যশিল্পীয়ে নিজৰ নিজৰ অনুভৱ সদৰি কৰি এই বিশেষ ঘৰখনৰ সৈতে তেজপুৰৰ সাংস্কৃতিক ঐতিহ্য সংপৃক্ত হৈ আছে বুলি মন্তব্য কৰি অলকা চলিহাৰ প্ৰতি আগবঢ়োৱা ঐতিহ্য তেজপুৰ ৰ এই সন্মানে শিল্পীগৰাকীক বিশেষ মৰ্য্যদা প্ৰদান কৰাই তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনকে আজি মহিয়ান কৰিলে বুলি মন্তব্য কৰে ।প্ৰাক্তন ছাত্ৰী তথা তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী মিনাক্ষী ভূঞাই দেশে স্বাধীনতা লাভ কৰাৰ বছৰটোতেই অলকা চলিহাৰ ওচৰত নৃত্য শিকাৰ স্মৃতি সদৰি কৰি এনে এগৰাকী পুৰোধা শিল্পীয়ে আজি ৯৪ বছৰ বয়সতো নৃত্যৰ ভঙ্গিমা প্ৰদৰ্শন কৰিব পৰাটো সঁচাকৈয়ে এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰি ঐতিহ্য তেজপুৰ ৰ এই প্ৰয়াসৰ শলাগ লয় ।আনহাতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ লগত সুদীৰ্ঘ ৩০ বছৰ ধৰি গীত পৰিবেশন কৰা তেজপুৰৰ জীয়ৰী প্ৰবীণ কন্ঠশিল্পী অঞ্জু দেৱী অনুষ্ঠানটিত অংশগ্ৰহন কৰিবৰ কাৰণে পুৱাই গুৱাহাটীৰ পৰা আহি এসময়ত নিজৰ ঘৰৰ দৰে হোৱা চলিহা কুটিৰত উপস্থিত হৈয়েই নষ্টালজিক হৈ পৰাৰ কথা সদৰি কৰি কেবাটাও গীতৰ কলিৰে অনুষ্ঠানটি মনোৰম কৰি তোলে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ