
গোলাঘাট, ০৭ আগষ্ট (হি.স.)। সৰুপথাৰত নেপক' সৃষ্ট বানত থৰকাচুটি হেৰুৱাছে দৈয়াং নৈ পৰীয়াই । সৰুপথাৰ সমজিলাৰ প্লাৱিত আমগুৰিৰ গাৱৰ ১২ টা পৰিয়াল বৰ্তমানলৈকে সোমাইছে পানী । জলমগ্ন হৈ পৰিছে দৈয়াং পাৰত বহু বিঘা কৃষি ভূমি । ইতিমধ্যে বৰবালি ৰ পৰা বৰবালি টুপ লৈ যোৱা পথ পানীৰে প্লাৱিত কৰাৰ ফলত সংযোগ বিচিন্ন হৈছে বৰবালি টুপৰ ২০ ৰো অধিক পৰিয়াল ।
ইতিমধ্যে সৰুপথাৰ সমজিলা প্ৰশাসনে আমগুৰি বছাপথাৰ প্ৰাথমিক বিদ্যালয়ত অস্থায়ী বান শিবিৰত থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ১২ টাকৈ পৰিয়ালৰ বাবে ।দৈয়াং নৈৰ পানী পূৰ্বতকৈ বাঢ়ি থকা পৰিলক্ষিত হৈছে , এনেদৰে যদি দৈয়াং নৈৰ পানী বৃদ্ধি হৈ থাকে তেতিয়া দৈয়াং নৈৰ কাষৰীয়া বহু ঠাই বানপানীৰ কৱলত পৰাৰ সম্ভাৱনা আছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা