(আপডেট) শুৱালকুছি আৰক্ষীৰ জালত দুধৰ্ষ গৰু চোৰ
কামৰূপ, ০৭ আগষ্ট (হি.স.)। শুৱালকুছি আৰক্ষীৰ জালত দুধৰ্ষ গৰু চোৰ। আটক কৰা চোৰ জন হৈছে হাজোৰ খুপনিকুছিৰ মিনহাজ আলী। ইফালে গৰু চুৰি হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে গৰু সহ চোৰক আটক কৰিবলৈ সক্ষম হল শুৱালকুছি আৰক্ষী। বৃহাস্পতিবাৰে পুৱতি নিশা হালোগাঁৱৰ মাধ
শুৱালকুছি আৰক্ষীৰ বৃহৎ সফলতা


শুৱালকুছি আৰক্ষীৰ বৃহৎ সফলতা


কামৰূপ, ০৭ আগষ্ট (হি.স.)। শুৱালকুছি আৰক্ষীৰ জালত দুধৰ্ষ গৰু চোৰ। আটক কৰা চোৰ জন হৈছে হাজোৰ খুপনিকুছিৰ

মিনহাজ আলী। ইফালে গৰু চুৰি হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে গৰু সহ চোৰক আটক কৰিবলৈ সক্ষম হল শুৱালকুছি আৰক্ষী।

বৃহাস্পতিবাৰে পুৱতি নিশা হালোগাঁৱৰ মাধৱ কলিতাৰ গোহালিৰ পৰা বিলাসী বাহনত চুৰি কৰিছিল গৰু। ইফালে গৰু চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চি চি টিভিৰ কেমেৰাত। অতি কম সময়ৰ ভিতৰতে অতি ততপৰতাৰে আৰক্ষীয়ে গৰু সহ চোৰক গ্ৰেপ্তাৰ কৰাৰ বাবে স্থানীয় ৰাইজে শুৱালকুছি আৰক্ষীক ভুয়সী প্ৰশংসা কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande