
দৰং, ০৭ আগষ্ট (হি.স.)। কুলশী নৈৰ বাঢ়নী পানীয়ে বৃহত্তৰ কৃষি পথাৰৰ অনিষ্ট সাধন কৰিছে।বিশেষকৈ ছিপাঝাৰ বিধনাসভা সমষ্টিৰ শতাধিক কৃষকৰ কৃষি পথাৰ বুৰাই পেলাইছে বাঢ়নী পানীয়ে।
কুলশী নৈৰ বাঢ়নী পানীয়ে কৃষি পথাৰ অনিষ্ট সাধন কৰাত এতিয়া মূৰে কপালে হাত দিছে কৃষক সকলে।পাতিদৰঙ কৈকাৰা হিৰাপাৰা আদিকে ধৰি ভিন্ন এলেকাৰ কৃষি ভূমি এইদৰে বাঢ়নী পানীয়ে বুৰাই পেলোৱাত অধিক চিন্তিত হৈ পৰিছে কৃষক ৰাইজ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা