
গোলাঘাট, ০৭ আগষ্ট (হি.স.)। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়ামঘাটৰ ২নং ৰজাপুখুৰীৰ নদীধাৰত শেহতীয়াকৈ ৰেংমা নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নদীখনৰ তীব্ৰ গৰাখহনীয়াৰ কবলত এতিয়া নৈপৰীয়া ৰাইজ। অঞ্চলটোৰ বহু লোকৰ ভূমি সম্পত্তি ৰেংমা নদীৰ বুকুত জাহ গৈছে। এনেদৰে খহনীয়া অব্যাহত থাকিলে নদীৰ প্ৰবল সোঁতে প্ৰতি পলকতে যেন নতুন নতুন অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিব।
অঞ্চলটোৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ বিগত বৰ্ষতো প্ৰশাসনৰ তৰফৰ পৰা পাৰ্কুপাইন স্থাপনৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু ৰেংমা নৈৰ বাঢ়নী পানী আৰু প্ৰচণ্ড সোঁতৰ সন্মুখত সেই ব্যৱস্থাই বিশেষ ফল নিদিলে আৰু পুনৰ নদীয়ে নিজৰ কালৰূপেৰে পাৰ খহাই নিবলৈ আৰম্ভ কৰিলে। অৱশ্যে, স্থানীয় লোকে জানিবলৈ দিয়া মতে, এইবাৰ পৰিস্থিতি বেয়া হোৱাৰ লগে লগে সৰুপথাৰ সমষ্টিৰ বিধায়কে তাৎক্ষণিকভাৱে পুনৰ পাৰ্কুপাইন স্থাপনৰ পদক্ষেপ হাতত লৈছে। ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় যাৱতীয় সামগ্ৰীসমূহো নিৰ্ধাৰিত স্থানলৈ অনা হৈছে । কিন্তু ৰাইজে গৰাখহনীয়া ৰোধ কৰিবলৈ জিওবেগ (Geo-bag) ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা