
গোলাঘাট, ০৭ আগষ্ট (হি.স.)্য দেৰগাঁও চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী দাম্পাৰে মহতিয়ালে এজন ৬২ বছৰীয়া স্কুতি আৰোহীক।
এই দুৰ্ঘটনাত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় দেৰগাঁও কুৰালগুৰিৰ বামুণ গাঁৱৰ ৰবীন শৰ্মা নামৰ ব্যক্তি জন। ইফালে ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনা স্থলীত দেৰগাঁও যান বাহন আৰক্ষী উপস্থিত হয় আৰু আহত ব্যক্তি জনক প্ৰেৰণ কৰে দেৰগাঁও সামূহিক চিকিৎসালয়লৈ। দুৰ্ঘটনা সংঘটিত কৰা দাম্পাৰ খনৰ নম্বৰ এ এছ ০৫ এ চি /২৭২৭ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ