পৰ্বতঝোৰাৰ বগৰীবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা
পৰ্বতঝোৰাৰ বগৰীবাৰীত ভয়াবহ পথ দুৰ্ঘটনা।
পৰ্বতঝোৰাৰ বগৰীবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা


কোকৰাঝাৰ, ০৭ আগষ্ট (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বগৰীবাৰীত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ।বগৰীবাৰীৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বলেৰো বাহন আৰু যাত্ৰীবাহী টেম্পোৰ মাজত মুখা মুখী সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় । পথ দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হয় প্ৰায় ১০জনকৈ যাত্ৰী ।

আহত যাত্ৰী সকলক ততাতৈয়াকৈ বগৰীবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আহত সকলৰ অৱস্থা সংকট জনক হোৱাত ডিএমচিএইচলৈ প্ৰেৰণ কৰে চিকিৎসকে । দুৰ্ঘটনাত পতিত হোৱা বলেৰো বাহনখনৰ নম্বৰ এএছ ১৭ এছ ৩৯৭১ বুলি জানিব পৰা গৈছে। আনফালে টেম্পো খনৰ নম্বৰ এএছ ১৭ চি ৯০১৪ বুলি কোৱা হৈছে। বগৰীবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande