
বৰপেটা, ০৭ আগষ্ট (হি.স.)। জনীয়াৰ কাদংত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ ।জনীয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত ৰাইজৰ সহযোগত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ ।পঞ্চায়ত প্ৰতিনিধিৰ জৰিয়তে মন্দিয়া খণ্ড উন্নয়ন বিষয়ালৈ স্মাৰক পত্ৰ প্ৰদান ।কাদংৰ পৰা সোনাপুৰ বেঁকী পাৰঘাটলৈ যোৱা পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ। বৰষুণৰ পানী জমা হৈ সৃষ্টি হৈছে কৃত্ৰিম বানৰ । পথচোৱা সম্প্ৰতি পানীৰ তলত ।
কলগছৰ ভূৰ লৈ বিপদসংকুল ভাৱে যাতায়ত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে ।কাদং বজাৰৰ পৰা সোনাপুৰলৈ বেঁকী ঘাট পৰ্যন্ত ৰাস্তাখন নিৰ্মাণ কৰক, কৃষকৰ উৎপাদিত ফচল এম. এছ. পি. নিৰ্ধাৰণ ক্ৰয় কৰাৰ ব্যৱস্থা কৰক, জৱকাৰ্ডধাৰী কামলাক বছৰত ২০০ দিনৰ আৰু দৈনিক মজুৰি ৬০০ টকা কৰক, ভিবি জি ৰাম জি বাতিল কৰক, মূল্য বৃদ্ধি ৰোধ কৰক আদিৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত দাবী সমূহ অতি শীঘ্ৰে সমাধান কৰাৰ দাবী জনায়। অন্যথা বৃহত্তৰ অঞ্চলৰ ৰাইজক একত্ৰিত কৰি গনতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ