ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসঃ প্ৰধানমন্ত্ৰীৰ বাৰ্তাত অসমৰ গামোচাই বিশেষ স্থান লাভ কৰেঃ হিমন্ত
গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। শুকুৰবাৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ মহিলা শিপিনী বিশেষকৈ গামোছা আৰু আৰনায়ৰ কাৰুকাৰ্য্যক ৰাষ্ট্রীয় আৰু আন্তর্জাতিক স্বীকৃতি প্ৰদানৰ বাবে সদায় কাম কৰি আহিছে৷ ৰা
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा प्रधानमंत्री नरेन्द्र मोदी की तस्वीर।


গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। শুকুৰবাৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ মহিলা শিপিনী বিশেষকৈ গামোছা আৰু আৰনায়ৰ কাৰুকাৰ্য্যক ৰাষ্ট্রীয় আৰু আন্তর্জাতিক স্বীকৃতি প্ৰদানৰ বাবে সদায় কাম কৰি আহিছে৷

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত প্ৰধানমন্ত্ৰীৰ বিশেষ বাৰ্তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াক ৰাজ্যৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে।

ৰাইজক হাতেৰে বোৱা গামোছা আৰু স্থানীয় বস্ত্ৰশিল্প ক্ৰয় কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ৰাজ্যৰ চহকী হস্ততাঁত পৰম্পৰা ৰক্ষা পৰিব আৰু স্থানীয় অৰ্থনীতি শক্তিশালী হ’ব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande