
গেলাঘাট, ০৭ আগষ্ট (হি.স.)। নুমলীগড়ত বান বিভীষিকা ।এবুকু পানীৰে পাৰ হৈছে পথ বাট-পথ বুৰিল, খেতিপথাৰ পথাৰ পানীৰ তলত। এই দৃশ্য নুমলীগড়ৰ বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত মহুৰা মুখ অঞ্চলৰl চাৰিওফালে কেৱল পানী আৰু পানী।
দৈনন্দিন যাতায়াত সম্পূৰ্ণ ব্যাহত হোৱাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি জলমগ্ন হৈ পৰিছে।
এই অঞ্চলৰ বহু পৰিয়ালৰ জীৱিকাৰ মূল ভেঁটি হৈছে খেতি।এতিয়া মুৰে কপালে হাত দিছে কৃষিজীবী ৰাইজ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা