বানপীড়িত বেতবাৰীত লুৰিণজ্যোতি গগৈৰ শ্ৰমদান
শিৱসাগৰ, ০৭ আগষ্ট (হি.স.)। বানপীড়িত বেতবাৰীত লুৰিণজ্যোতি গগৈৰ শ্ৰমদান। বিদ্যালয়ৰ শ্ৰেণীকোঠাত জমা হোৱা পলস বোকা চাফ চিকণত ব্যস্ত। ডিমৌ সমষ্টিৰ বান বিধ্বস্ত বেতবাৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। বানপীড়িত বেতবাৰীবাসীৰ পৰিস্থিতিৰ বুজ লৈ
বানপীড়িত বেতবাৰীত লুৰিণজ্যোতি গগৈৰ শ্ৰমদান


শিৱসাগৰ, ০৭ আগষ্ট (হি.স.)। বানপীড়িত বেতবাৰীত লুৰিণজ্যোতি গগৈৰ শ্ৰমদান। বিদ্যালয়ৰ শ্ৰেণীকোঠাত জমা হোৱা পলস বোকা চাফ চিকণত ব্যস্ত।

ডিমৌ সমষ্টিৰ বান বিধ্বস্ত বেতবাৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।

বানপীড়িত বেতবাৰীবাসীৰ পৰিস্থিতিৰ বুজ লৈ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অজাপৰ নেতা কৰ্মীৰ দলে বানে তচনচ কৰি যোৱা বেতবাৰী মধ্য অসমীয়া বিদ্যালয়, বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে অঞ্চলটোৰ বহু কেইটা ৰাজহুৱা অনুষ্ঠানত শ্ৰমদান কৰি পৰিষ্কাৰ কৰাত নামে।। ইফালে বন্যাৰ্তৰ মাজত বিশ হাজাৰ ফেৰা কঁঠিয়া বিতৰণ কৰা বুলি লুৰিণজ্যোতি গগৈয়ে জানিবলৈ দিয়ে আৰু অজাপৰ কৰ্মীসকলে চন্টক, বিহুবৰত বানাক্ৰান্তৰ ঘৰ পুনৰ নিৰ্মাণ কৰি থকা জানিবলৈ দিয়ে।।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande