
লখিমপুৰ, ০৬ আগষ্ট (হি.স.)। লখিমপুৰৰ হাৰমতী জাতীয় বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু বিদ্যালয়ৰ মহানুভৱতা। আজি হাৰমতী জাতীয় বিদ্যালয় আৰু বিদ্যালয়ৰ পঞ্চম শ্ৰেনীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলে শিৱসাগৰ,নাজিৰা,যোৰহাট,চৰাইদেউৰ বান বিধস্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে যোগান ধৰিলে শতাধিক কিতাপ৷
সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সীমান্ত নেওগৰ হাতত তুলি ধৰিলে ছাত্ৰ-ছাত্ৰীৰ মুল্যবান পাঠ্য পুথি আৰু বহী সমূহ।
হাৰমতী জাতীয় বিদ্যালয়ৰ পৰিয়ালৰ পৰাওঁ যোগান ধৰিলে ২৫০খন বহী। হাৰমতী জাতীয় বিদ্যালয়ৰ এনে মহানুভৱতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ সীমান্ত নেওগৰ। অহা কাইলৈ বিতৰণ কৰিব এই সামগ্ৰী সমূহ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা