ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন
হস্ততাঁত শিল্প কেৱল অর্থনৈতিক কার্যকলাপতেই সীমাবদ্ধ নহয়, ই অসমৰ সংস্কৃতি, ঐতিহ্য আৰু আত্মপৰিচয়ৰো এক অবিচ্ছেদ্য অংগ: নীলিমা দেৱী গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। সমগ্র দেশৰ লগতে অসমতো ভাৰতীয় জনতা পার্টি অসম প্রদেশ মহিলা মৰ্চাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰ
বিজেপিৰ দলীয় পতাকা


হস্ততাঁত শিল্প কেৱল অর্থনৈতিক কার্যকলাপতেই সীমাবদ্ধ নহয়, ই অসমৰ সংস্কৃতি, ঐতিহ্য আৰু আত্মপৰিচয়ৰো এক অবিচ্ছেদ্য অংগ: নীলিমা দেৱী

গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। সমগ্র দেশৰ লগতে অসমতো ভাৰতীয় জনতা পার্টি অসম প্রদেশ মহিলা মৰ্চাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস গুৱাহাটীৰ বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত পালন কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে বাজপেয়ী ভৱনত এক আকর্ষণীয় দিনযোৰা প্ৰদৰ্শনীৰ আয়োজন কৰাৰ লগতে মহিলা মৰ্চাই কেইবাগৰাকীও উদ্যমী হস্ততাঁত বস্ত্র শিল্পীক সম্বর্ধনাও জনায়।

গুৱাহাটীৰ প্রাক্তন সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেত্রী কুইন ওজাই মুকলি কৰা প্রদর্শনীত মুঠ ১৫ খন বিপনীয়ে অংশগ্রহণ কৰে। আনহাতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী নীলিমা দেৱীৰ উপস্থিতিত ড০ অলকানন্দা দাস, মধু জৈন, ভাৱনা প্রিয়া কলিতা আৰু কল্যানী তামুলীক মহিলা মর্চাই সম্বর্ধনা জনায় । এই মহিলা উদ্যমী সকলে হস্ততাঁত বস্ত্ৰ শিল্পৰ বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাই আহিছে । ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ মহিলা মৰ্চাৰ সংবাদ বিভাগৰ সহঃআহ্বায়িকা আশা ডেকাই প্ৰেৰণ কৰা বিবৃতিত লগতে উল্লেখ কৰা হয় যে আজি দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসে ভাৰতৰ সমৃদ্ধ বয়ন পৰম্পৰাৰ তাঁতশিল্পীসকলক সন্মান জনাইছে।

বর্তমান ভাৰতত ৩৫.২২ লাখতকৈ অধিক হস্ততাঁত বয়ন শিপিনী আৰু শ্রমিক এই খণ্ডৰ সৈতে জড়িত হৈ আছে। ইয়াৰে ৭২শতাংশৰো অধিক মহিলা উদ্যমী। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিশেষ উদ্যোগত হস্ততাঁত বস্ত্ৰ শিল্পৰ বাবে গঢ়ি উঠা ডিজাইন ব্যৱস্থা, ডিজিটেল প্লেটফৰ্ম আৰু বিশ্ববজাৰৰ সংযোগে ভাৰতীয় হস্ততাঁতক নতুন পৰিচয় আৰু এক বিশাল বজাৰ সৃষ্টি কৰি দিছে। ইয়াৰোপৰি বিভিন্ন চৰকাৰী আঁচনি, বঁটা, জি.আই. টেগ, ভাৰত হস্ততাঁত ব্লেণ্ড আৰু হস্ততাঁত চিহ্নই শিপিনীসকলক সুৰক্ষা আৰু বজাৰ প্ৰৱেশাধিকাৰ নিশ্চিত কৰা বুলি আশা ডেকাই বিবৃতিত উল্লেখ কৰিছে।

ডেকাই বর্ণনা কৰা মতে পৰম্পৰা আৰু উদ্ভাৱনৰ সমন্বয়েৰে ভাৰতীয় হস্ততাঁতে আজিও বিশ্বমঞ্চত নিজৰ স্বকীয়তা আৰু সম্ভাৱনাৰ পৰিচয় দাঙি ধৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বাজপেয়ী ভৱনত আয়োজিত সভাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী তথা মহিলা মৰ্চাৰ সভানেত্রী নীলিমা দেবী, প্রাক্তন সাংসদ কুইন ওজা, দলৰ উপ-সভাপতিত্ৰয় ক্রমে ড০ অমিয় কুমাৰ ভূঞা, মনোজ বৰুৱা আৰু ৰত্না সিং, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ স্মিতা ৰয়, মুখ্য মুখপাত্র কিশোৰ উপাধ্যায় আৰু মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাও উপস্থিত আছিল।

অনুষ্ঠানৰ আৰম্ভণিতে মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রী নীলিমা দেৱীয়ে ভাষণত কয় যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰেও ৰাজ্যৰ তাঁত-শিপিনীসকলৰ কল্যাণ, পৰম্পৰাগত বস্ত্র শিল্পৰ সংৰক্ষণ আৰু বজাৰ সংযোগ ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে একাধিক জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণ কৰি আহিছে। অসমৰ গামোচা, মেখেলা-চাদৰকে ধৰি থলুৱা বস্ত্ৰসমূহে আজিৰ দিনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সন্মান লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী দেৱীয়ে কয় যে-অসমৰ হস্ততাঁত শিল্প কেৱল অর্থনৈতিক কার্যকলাপতেই সীমাবদ্ধ নহয়, ই অসমৰ সংস্কৃতি, ঐতিহ্য আৰু আত্মপৰিচয়ৰো এক অবিচ্ছেদ্য অংগ । ভাৰতীয় জনতা পার্টিয়ে সদায় থলুৱা শিল্পী, তাঁত আৰু শিপিনীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ-প্ৰসাৰত সৰ্বাধিক অগ্রাধিকাৰ দি আহিছে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande