
নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ পৰা একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যোৱাৰ পথত চেক বান্ধৰ খুঁটাত উঠি বেতোৱা নদী পাৰ হোৱাৰ এটা ভাইৰেল ভিডিঅ’ৰ প্ৰতি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে স্বঃ গুৰুত্বসৰকাৰে (suo motu cognizance) লৈছে। আয়োগে ৰাজ্যৰ মুখ্য সচিবক জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত বিশদ প্ৰতিবেদন বিচাৰিছে।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বিদিশা জিলাৰ কাক্ৰাউয়া গাঁৱৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বান্ধৰ খুঁটা বগাই নিজৰ জীৱনকো তুচ্ছ কৰি বেতোৱা নদী পাৰ হৈ গৈছে। খবৰ পোৱা গৈছে যে তেওঁলোকে এই বিপজ্জনক পথটো গ্ৰহণ কৰে কাৰণ ইয়াৰ ফলত পথেৰে ১৩ কিলোমিটাৰ দূৰত্ব মাত্ৰ ১.৫ কিলোমিটাৰলৈ হ্ৰাস পায়। প্ৰতিদিনে গাঁৱৰ ৯ জন ছাত্ৰ-ছাত্ৰীয়ে এইদৰে নদীখন পাৰ হৈ যায়।
আয়োগৰ মতে শিশুসকলে বিদ্যালয়লৈ যাবলৈ নিৰাপদ যাতায়তৰ অভাৱে তেওঁলোকৰ মৰ্যাদাপূৰ্ণ শিক্ষাৰ মৌলিক অধিকাৰ খৰ্ব কৰে।
খবৰ অনুসৰি জিলা শিক্ষা বিষয়াগৰাকীয়ে সেই স্থান পৰিদৰ্শন কৰি জিলা উপায়ুক্তক এই বিষয়ে অৱগত কৰে। অৱশ্যে নিৰাপদ পাৰাপাৰ (ক্ৰছিং) নিৰ্মাণৰ কোনো সময়সীমা দিয়া হোৱা নাই।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ