মুছলপুৰত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ২০২৬ উদযাপন
বাক্সা, ০৭ আগষ্ট (হি.স.)। বাক্সা জিলাৰ মুছলপুৰত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ২০২৬ উদযাপন। বাক্সা জিলাৰ সদৰ মুছপুৰ স্থিত জিলা সাংস্কৃতিক প্ৰকল্পত বিটিচি হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ তৰফৰ পৰা দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ২০২৬ উদযাপন কৰা হয
মুছলপুৰত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ২০২৬ উদযাপন


বাক্সা, ০৭ আগষ্ট (হি.স.)। বাক্সা জিলাৰ মুছলপুৰত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ২০২৬ উদযাপন।

বাক্সা জিলাৰ সদৰ মুছপুৰ স্থিত জিলা সাংস্কৃতিক প্ৰকল্পত বিটিচি হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ তৰফৰ পৰা দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ২০২৬ উদযাপন কৰা হয়।

আজি হস্ততাঁত দিৱসৰ আৰম্ভণিতে বিটিচি হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিটিচিৰ বিভিন্ন প্ৰান্তৰ শিপিনী গোটে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ কাপোৰৰ এক প্ৰদৰ্শনী ৰাইজৰ বাবে মুকলি কৰে। পৰৱৰ্তী সময়ত বিটিচিৰ বহুকেইগৰাকী বিশিষ্ট শিপিনীক সম্বৰ্ধনা জনোৱাৰ লগতে ২৫ টা শিপিনী গোটক সম্বৰ্ধনা জনোৱা হয়। বিটিচি হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ তৰফৰ পৰা উদযাপন হোৱা অনুষ্ঠানত বাক্সা বিধান সভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, মানাহ বিধান সভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী লগতে বিটিচিৰ বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। মানাহ বিধান সভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসমতাৰীয়ে নিজৰ ভাষণত শিপিনী সকলক হাতে বোৱা কাপোৰত অধিক গুৰুত্ব প্ৰদান কৰিবৰ বাবে আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande