
ইম্ফল, ০৭ আগষ্ট (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ দুজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন এটা অভিযানত ১৩৯ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে।
মণিপুৰ আৰক্ষীয়ে শুকুৰবাৰে জনোৱা মতে, কাকচিং জিলাৰ সুগনু আৰক্ষী থানা এলেকাৰ বাসগৃহৰ পৰা আৰ পি এফ/পি এল এৰ সক্ৰিয় কেডাৰ উছাম ৰোজিত কুমাৰ ওৰফে আমুজাও (২০)ক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ ঘৰ কোৰশান্তবি মানিং লেইকাই।
আন এক অভিযানত মণিপুৰ আৰক্ষীয়ে ইম্ফল পশ্চিম জিলাৰ চিংজামেই থানা এলেকাৰ নিজৰ বাসগৃহৰ পৰা কেচিপি (পিডব্লিউজি)ৰ সক্ৰিয় সদস্য তথা অভিযুক্ত ধনদাবী হেছনাম লিবানন্দ সিং ওৰফে পিসুমংগাকপা (৪৩)ক গ্ৰেপ্তাৰ কৰে। পিসুমথং অইনাম লেইকাইৰ বাসিন্দা।
সেইদিনা বাহন পৰীক্ষা অভিযান (এমভিচিপি)ৰ সময়ত লিলং আৰক্ষী থানাৰ এটা দলে কঞ্চকৰ ইম্ফল মায়ং নিবাসী দোলাইপাবাম আছিফ হুছেইন (১৯)ৰ পৰা ১৩৯ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰে। অভিযুক্তক জিম্মাত লৈ অধিক আইনী ব্যৱস্থা আৰু তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ