কলকাতাত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজ্বলিল মায়ঙৰ যুৱতী
মৰিগাঁও, ০৭ আগষ্ট (হি.স.)। কলকাতা নেতাজী ইণ্ডোৰ ষ্টেডিয়ামত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজ্বলিল মায়ঙৰ যুগনিভা দেৱী সোনৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনে অসমলৈ কলকাতা নেতাজী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্
কলকাতাত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজ্বলিল মায়ঙৰ যুৱতী


মৰিগাঁও, ০৭ আগষ্ট (হি.স.)। কলকাতা নেতাজী ইণ্ডোৰ ষ্টেডিয়ামত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজ্বলিল মায়ঙৰ যুগনিভা দেৱী

সোনৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনে অসমলৈ

কলকাতা নেতাজী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০২৬ ত উজ্বলি উঠিল মৰিগাঁও জিলাৰ মায়ঙৰ যুগনিভা দেৱী ।

ঐতিহাসিক মায়ঙৰ ৰজা মায়ং গাঁৱৰ যুগল নাথ আৰু চুমকী নাথৰ কন্যা যুগনিভা দেৱীয়ে ১৪ বছৰ অনুৰ্ধ্বৰ শাখাত কুমিটেত স্বৰ্ণ পদক লাভ কৰি যোৱা নিশা ঘৰ আহি পাইছে।৩১ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ ফাইনেলত নেপালৰ খেলুৱৈৰ বিৰুদ্ধে যুঁজ দিছিল যুগনিভাই।কলকাতাত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়ন প্ৰতিযোগিতাত ভাৰত,নেপাল, বাংলাদেশ,নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা,আৰু ইংলেণ্ডকে ধৰি মুঠ আঠ খন দেশে অংশগ্ৰহণ কৰিছিল। তেনে এখন প্ৰতিযোগিতাত ৰজা মায়ঙৰ যুগনিভা দেৱীয়ে অংশগ্ৰহণ কৰি ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।যুগনিভাৰ এই সাফল্যত মৰিগাঁও জিলাৰ বহু অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শুভেচ্ছা আৰু অভিনন্দন জনাইছে।ৰজা মায়ঙতো আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে ।উল্লেখযোগ্য যে নাৰেঙ্গীৰ আৰ্মী পাব্লিক স্কুলত অধ্যয়নৰত যুগনিভা দেৱীয়ে বৰ্তমান নাৰেঙ্গী ছেনছেই নীলমনি ডেকাৰ অধীনত প্ৰশিক্ষণ লৈ আছে বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে ২২ মাৰ্চ ২০২৬ তাৰিখে নিজৰ ভনীয়েকৰ শুভ বিবাহৰ দিনাও বিয়াত উপস্থিত নাথাকি ৰঙিয়াত অনুষ্ঠিত হোৱা ডিষ্ট্ৰিক্ট কেৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

১৯ জুলাইত পাঠশালাত অনুস্থিত হোৱা ৰাজ্যিক পৰ্যায়ৰ কেৰাটে চেম্পিয়নশ্বিপ ত স্বৰ্ণ পদক অৰ্জন কৰে বুলি জানিব পৰা যায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande