তেজপুৰৰ হোটেলত বজ্ৰপাতঃ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ক্ষতিসাধন
Assam, 07 আগষ্ট তেজপুৰৰ হোটেলত বজ্ৰপাতঃবিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ক্ষতি শোণিতপুৰ, ০৭ আগষ্ট (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰত যোৱা কালি বৃহস্পতিবাৰে নিশা বৰষুণৰ মাজতে সংঘটিত হোৱা বজ্ৰপাতৰ ঘটনাত এজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰাৰ বিপৰীতে বিভিন্ন
তেজপুৰৰ হোটেলত বজ্ৰপাতঃ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ক্ষতিসাধন


Assam, 07 আগষ্ট

তেজপুৰৰ হোটেলত বজ্ৰপাতঃবিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ক্ষতি

শোণিতপুৰ, ০৭ আগষ্ট (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰত যোৱা কালি বৃহস্পতিবাৰে নিশা বৰষুণৰ মাজতে সংঘটিত হোৱা বজ্ৰপাতৰ ঘটনাত এজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰাৰ বিপৰীতে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ক্ষয়ক্ষতি হয় ৷

উল্লেখযোগ্য যে, যোৱা নিশা প্ৰায় ১২বজাত মুষলধাৰ বৰষুণৰ লগতে তেজপুৰ চহৰৰ মাজমজিয়াত সংঘটিত হয় বজ্ৰপাতৰ ঘটনাটো ৷ তেজপুৰ চহৰত থকা হোটেল পাৰ্কৰ প্ৰথম মহলাৰ ১০১নম্বৰ কোঠাৰ বাহিৰৰ বেৰাত বজ্ৰপাতে আঘাত কৰাত সেই অংশৰ কংক্ৰিট ভাঙি কোঠালিটোৰ ভিতৰলৈকে বজ্ৰপাতৰ ফলত হোৱা জুই চিটিকি পৰে ৷ সেই সময়ত সেইটো কোঠালিত এজন লোকে আশ্ৰয় লৈ আছিল য’দিও তেওঁ কথমপি ৰক্ষা পৰে ৷

উল্লেখযোগ্য যে, বজ্ৰপাতৰ পৰা সুৰক্ষাৰ বাবে হোটেলখনত প্ৰয়োজনীয় ব্যৱস্থা কৰা আছে য’দিও যোৱা নিশা এই প্ৰাকৃতিক ঘটনাই হোটেলখনৰ পকী বেৰৰ পকী খুটা ফালি ভিতৰলৈকে ইয়াৰ স্ফুলিংগ বিয়পি পৰা ঘটনাই সকলোকে আচৰিত কৰিছে ৷ এই ঘটনাত হোটেলখনৰ ১২খন ছিলিং ফেন, জেনেৰেটৰ আদি বিকল হয় ৷ আনহাতে এই বজ্ৰপাতৰ পৰিণতিত হোটেলখনৰ আশে পাশে থকা আন কে’বাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানৰো বৈদ্যুতিক সামগ্ৰী ধ্বংস হয় ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande