
গোলাঘাট, ০৭ আগষ্ট (হি.স.)। কলিয়াবৰ তিনিআলিৰ উৰণীয়াসেতুৰ কাষৰ নৱ নিৰ্মিত পকী পথত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে জীয়াতু ভুগিব লগা হৈছে স্থানীয় ৰাইজ। পথ নিৰ্মাণত নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালি আৰু পালমৰা কামৰ বাবেই পথটোৰ তলৰ মাটি খহি পৰিছে। একেদৰে পথটোৰ পৰা সেউজ নগৰ সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটোৰ এটা অংশ খহি পৰাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা।
পথ দুটাৰে চলাচল কৰাটোও বিপদজ্জনক হৈ পৰিছে। ঘটনাৰ খবৰ পাই সংশ্লিষ্ট কৰ্তৃপক্ষই পথচোৱাৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ