




শোণিতপুৰ, ০৭ আগষ্ট (হি.স.)। অসম চৰকাৰৰ বন, পাৰিপাৰ্শ্বিক, জলবায়ু পৰিৱৰ্তন আৰু বিত্ত বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আজি শোণিতপুৰ জিলাৰ জৈৱ বৈচিত্ৰৰে ভৰপুৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কাৰ্যালয় চৌহদত নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বন পাৰিপাৰ্শ্বিক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত ২৫বছৰীয়া জুবিলী প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাৱে মুকলি কৰে।
এই উপলক্ষে আজি দুপৰীয়া অনুষ্ঠিত এক অনাড়ম্বৰ অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে নামেৰী ৰাষ্ট্ৰীয় উদ্যান চৌহদত জুবিলী প্ৰেক্ষাগৃহ মুকলি কৰি বন আৰু পাৰিপাৰ্শ্বিক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত বিধায়ক পদ্ম হাজৰিকা, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক পিৰাইছদন বি, প্ৰমুখ্যে বন বিভাগৰ জ্যেষ্ঠ বিষয়া সকল, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস প্ৰমুখ্যে জ্যেষ্ঠ বিষয়া সকলে অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতেই মন্ত্ৰী গৰাকীয়ে বিধায়ক পদ্ম হাজৰিকা আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়া সকলৰ উপস্থিতিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ অধীনস্থ ই ডি চিৰ জৰিয়তে পৰিচালিত বিদ্যালয়ৰ চাৰিগৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগতে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ অধীনস্থ এলেকাৰ এটি মহিলা গোটক চিলাই মেচিন প্ৰদান কৰে। আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে আজিৰ তাৰিখত নামেৰী ৰাষ্ট্ৰীয় উদ্যান বেদখল মুক্ত বুলি ব্যক্ত কৰে। মন্ত্ৰী গৰাকীয়ে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্প পৰ্য্যটকৰ আকৰ্ষণৰ বাবে আৰু কৰিব লগীয়া আছে বুলি অভিহিত কৰি বন্যপ্ৰাণী বন আৰু পৰ্য্যটকৰ সমন্বয়ৰ জৰিয়তে কাম কৰাত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আপোচ কৰা নহ'ব বুলি সদৰি কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ