
নগাঁও, ০৭ আগষ্ট (হি.স.)। ৰূপহীহাটৰ কাৱৈমাৰী আৰক্ষীৰ জালত বীমা জালিয়াতিৰ অভিযোগত দুজনক আটক।
চামগুৰিৰ ভগামুৰৰ চিকণ্ডৰ আলী আৰু কনোৱামাৰীৰ হাফিজা খাতুনে বীমাৰ নামত জালিয়াতি কৰাৰ অভিযোগত
কাৱৈমাৰী আৰক্ষী চকীত গোচৰ ৰুজু হৈছিল লোক দুজনৰ বিৰুদ্ধে।
জানিব পৰা মতে, এজন মৃত ব্যক্তিৰ নামত থকা জীৱন বীমাৰ ধন মুকলি কৰিবলৈ অভিযুক্ত সকলে বক্ৰ পথ অৱলম্বন কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, জীৱিত এজন লোকৰ ফটো ব্যৱহাৰ কৰি মৃত ব্যক্তিৰ বীমাৰ লাখে লাখে টকা আত্মসাৎ কৰাৰ চেষ্টা কৰা হৈছিল।
উক্ত ঘটনাৰ সৈতে আৰু কেইবাজনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে আটকাধীন চিকণ্ডৰ আলীক নিজৰ জিম্মাত লৈ ঘটনাটোৰ সৈতে জড়িত অধিক তথ্য উদ্ধাৰৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা