ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ, ৰেঞ্জাৰ্ছক বৃহৎ ব্যৱধানত হৰুৱাই ক্ৰমাগত দ্বিতীয় জয় বৰপেটা ব্ৰেভছৰ
গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। অধিনায়ক ডেনিছ দাসৰ অনবদ্য অপৰাজিত অৰ্ধশতক তথা তিনি স্পীনাৰৰ যাদুকৰী বলিঙৰ সহায়ত বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ক্ৰমাগত দ্বিতীয় মেচত জয়লাভ কৰিছে ৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চ
ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ


গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। অধিনায়ক ডেনিছ দাসৰ অনবদ্য অপৰাজিত অৰ্ধশতক তথা তিনি স্পীনাৰৰ যাদুকৰী বলিঙৰ সহায়ত বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ক্ৰমাগত দ্বিতীয় মেচত জয়লাভ কৰিছে ৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত আজি অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে ৭০ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে নগাঁও ৰেঞ্জাৰ্ছক৷ ব্ৰেভছে দিয়া ১৭১ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি ৰেঞ্জাৰ্ছে ইনিংছৰ প্ৰথম অভাৰৰ পৰাই ধাৰাবাহিকৰূপত উইকেট হেৰুৱাই ১৮.২ অভাৰত ১০০ ৰাণতে ইনিংছ সামৰে ৷

ব্ৰেভছক এই বৃহৎ বিজয় দিয়াত মুখ্য ভূমিকা লয় দলৰ তিনিগৰাকী স্পীনাৰে৷ বিকিৰণ দাসে ৩.২ অভাৰত ১৩ ৰাণ দি চাৰিটা উইকেট লাভ কৰাৰ বিপৰীতে শুভম গুপ্তাই আঠ ৰাণত তিনিটা তথা ৰাজেশ প্ৰসাদে দুটা উইকেট পায়৷ ৰেঞ্জাৰ্ছৰ হৈ সৰ্বাধিক ৪৪ ৰাণ কৰে সুমিত কাশ্যপে৷ উল্লেখ্য যে চাৰিখন মেচ খেলাৰ পাছতো জয়ৰ পৰা বঞ্চিত হৈ থাকিল নগাঁও ৷ বিপৰীতে প্ৰথম দুখন মেচত পৰাস্ত হোৱা ব্ৰেভছে ক্ৰমাগত দুখন মেচত জয় অৰ্জন কৰিলে ৷

ইয়াৰ পূৰ্বে টছত জয়ী হৈ নগাঁও দলে পোনতে বলিং কৰাৰ সিদ্ধান্ত লয় যদিও বৰপেটা ব্ৰেভছক দুই অপেনাৰ কবিৰ হাছান [২৫] আৰু সৌৰভ দিহিঙিয়াই[১৬] সুন্দৰ আৰম্ভনি দিয়াত ৰেঞ্জাৰ্ছৰ অধিনায়ক অনুৰাগ তালুকদাৰৰ ৰণনীতি সফল নহ’ল ৷ অৱশ্যে পাৱাৰ প্লেত দুই অপেনাৰৰ লগতে দলীয় স্ক’ৰ ৫৮ ত ব্ৰেভছে তিনিটা উইকেট হেৰুৱাই চাপৰ সন্মুখিন হয় ৷

কিন্তু অধিনায়ক ডেনিছ দাসে অনবদ্য বেটিং কৰি বৰপেটাৰ ইনিংছক দৃঢ় স্থিতি দিয়ে ৷ ৪৫ বলত অপৰাজিত ৭২ ৰাণ কৰা ডেনিছে চাৰিটাকৈ ছিক্সাৰ আৰু বাউণ্ডেৰী মাৰে ৷ তদুপৰি উইকেটৰক্ষক বেটাৰ গৌৰৱ ঠাকুৰীয়াৰ [৩১] ৰ লগত চতুৰ্থ উইকেটৰ যুটিত ৯৫ ৰাণ সংগ্ৰহৰে দলক শক্তিশালী স্থিতিত উপনিত কৰায়৷ উল্লেখ্য যে এয়া এ পি এলত ডেনিছৰ ক্ৰমাগত দ্বিতীয়টো অৰ্ধশতক ৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ কাইলৈ দিনৰ দুই হ’বলগা প্ৰথমখন খেলত গুৱাহাটী ৰয়েলছ তেজপুৰ টাইটানছৰ মুখামুখি হ’ব৷ ইফালে, নিশা সাত বজাত হ’বলগা দ্বিতীয়খন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছে যোৰহাট ষ্টেলিনছৰ বিৰুদ্ধে খেলিব ৷

সংক্ষিপ্ত স্ক’ৰ ঃ

বৰপেটা ব্ৰেভছে নগাঁও ৰেঞ্জাৰ্ছক ৭০ ৰানত পৰাস্ত কৰে

বৰপেটা ব্ৰেভছ ঃ ২০ অভাৰত ১৭০-৪ [ডেনিশ দাস ৭২, গৌৰৱ ঠাকুৰীয়া ৩১; দৰ্শন ৰাজবংশী ৪৩-২ , ভাৰ্গৱ দত্ত ২১-১

নগাঁও ৰেঞ্জাৰ্ছ ঃ ১৮.২ অভাৰত ১০০ ৰান [সুমিত কাশ্যপ ৪৪, এছ কে জ্ঞানাম ১৮; বিকিৰণ দাস ১৩-৪, শুভম কুমাৰ গুপ্তা ৮-৩, ৰাজেশ প্ৰসাদ ২২-২ ৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande