
গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। গুৱাহাটী আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন অঞ্চলত অভিযান চলাই এখন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছসহ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ উপৰি এটা চুৰি এল পি জি চিলিণ্ডাৰ জব্দ কৰে। লগতে হেৰুওৱা মোবাইল ফোনো নিজৰ প্ৰাপ্য গৰাকীক ঘূৰাই দিয়ে।
আজি গুৱাহাটী আৰক্ষী আয়ুক্তই প্ৰদান কৰা তথ্য অনুসৰি নুনমাটি আৰক্ষী থানাৰ দলটোৱে এজাহাৰ দাখিল হোৱাৰ মাত্ৰ তিনি ঘণ্টাৰ ভিতৰতে ইয়ামাহা আৰ-১৫ (এ এছ-১৯আৰ-৯৮২৬) চুৰিৰ গোচৰটো সমাধান কৰে । এই সন্দৰ্ভত পাথাৰ কুৱেৰীৰ বাসিন্দা ইদুল আলী ওৰফে বাবু বড়ো (২২) নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চুৰি বাইকখন ক্ৰয় কৰাৰ অপৰাধত মেঘালয়ৰ মৌচিনৰামৰ বাসিন্দা এডিলবাৰ্ট স্কামলন (২৮)ক গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয় আৰক্ষীৰ সহযোগত উদ্ধাৰ হৈছে চুৰি হোৱা বাইকখন। এই গোচৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আন এক অভিযানত পল্টন বজাৰ আৰক্ষী থানাৰ এটা দলে অপ্সৰা চিনেমা হলত অভিযান চলাই কছাৰী বস্তিৰ নিবাসী পংকজ ৰায় (২১) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতত থকা প্ৰায় ১৩ গ্ৰাম ওজনৰ এঘাৰটা হেৰ’ইনৰ শিশি আৰু এটা চিৰিঞ্জ উদ্ধাৰ কৰি জব্দ কৰা হয়। অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইফালে, নুনমাটি থানাই নুনমাটি ট্ৰেফিক পইণ্টৰ সমীপত চুৰি এল পি জি চিলিণ্ডাৰ লৈ যোৱা দুজন অভিযুক্ত—ভৱানীপুৰৰ বাসিন্দা কৃষ্ণ দাস আৰু ফৰেষ্ট গেটৰ বাসিন্দা পংকজ পালক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে চিলিণ্ডাৰ কেইটা জব্দ কৰি দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰে।
ইফালে, গড়চুক আৰক্ষী থানাৰ মহিলা আৰক্ষীৰ দলটোৱে বিগত কিছুদিনত ভিতৰতে হেৰোৱা যোৱা ১২টা মোবাইল উদ্ধাৰ কৰি সঠিক মালিকক ঘূৰাই দি মানুহৰ মুখত হাঁহি বিৰিঙাই আনে ।
--------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ