শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানাক্ৰান্ত ৰাইজক বাঁহ, কঠিয়া আৰু ঘাঁহ যোগান ধৰিব নাহৰকটীয়া জয়পুৰৰ দুখনকৈ গাঁৱৰ ৰাইজে
শিৱসাগৰ, ০৭ আগষ্ট (হি.স.)। বানপানীয়ে উজনিৰ বিধ্বস্ত তিনিখনকৈ জিলা সম্পূৰ্ণ ৰূপে বিনষ্ট কৰে। প্ৰায় এশৰো অধিক লোক মৃত্যুৰ মুখত পৰাৰ উপৰিও হাজাৰ হাজাৰ লোক গৃহহাৰা হ''ল। অহা দেওবাৰে নাহৰকটীয়া জয়পুৰৰ ভূমিজ গাওঁ আৰু লেবাংকুলা গাঁৱৰ ৰাইজে বন্যাৰ্তলৈ
শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানাক্ৰান্ত ৰাইজক বাঁহ, কঠিয়া আৰু ঘাঁহ যোগান ধৰিব নাহৰকটীয়া জয়পুৰৰ দুখনকৈ গাঁৱৰ ৰাইজে


শিৱসাগৰ, ০৭ আগষ্ট (হি.স.)। বানপানীয়ে উজনিৰ বিধ্বস্ত তিনিখনকৈ জিলা সম্পূৰ্ণ ৰূপে বিনষ্ট কৰে। প্ৰায় এশৰো অধিক লোক মৃত্যুৰ মুখত পৰাৰ উপৰিও হাজাৰ হাজাৰ লোক গৃহহাৰা হ'ল। অহা দেওবাৰে নাহৰকটীয়া জয়পুৰৰ ভূমিজ গাওঁ আৰু লেবাংকুলা গাঁৱৰ ৰাইজে বন্যাৰ্তলৈ আগবঢ়াব বুজন পৰিমাণৰ বাঁহ, কঠিয়া আৰু পশুধনৰ বাবে ঘাঁহ।

প্ৰায় পঞ্চাচৰো অধিক পৰিয়ালৰ বাবে যোগান ধৰিব ঘৰ সাজিবৰ বাবে বাঁহ। তাৰোপৰি কৃষক ৰাইজৰ বাবে পাঁচ বিঘা মাটিৰ কঠিয়া আৰু পশুধনৰ বাবে পৰ্যাপ্ত পৰিমাণে ঘাঁহ যোগান ধৰিব দুয়োখন গাঁৱৰ গাঁওবাসীয়ে। প্ৰত্যেক জন ব্যক্তিয়ে নিজে শ্ৰমদান কৰি যুদ্ধকালীন প্ৰচেষ্টাৰে সামগ্ৰীসমূহ সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰে ভূমিজ গাওঁ আৰু লেবাংকুলা গাঁৱৰ ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande