ৰাজ্যৰ প্ৰথম গৰাকী আনুষ্ঠানিক নৃত্যকলাৰ শিল্পী তথা শিক্ষাগুৰু অলকা চলিহাক ২০২৬ বৰ্ষৰ ঐতিহ্য তেজপুৰ সন্মান শীৰ্ষক সন্মানেৰে সন্মানিত
দৰং, ০৭ আগষ্ট (হি.স.)। ৰাজ্যৰ প্ৰথম গৰাকী আনুষ্ঠানিক নৃত্যকলাৰ শিল্পী তথা শিক্ষাগুৰু ,অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ প্ৰথম গৰাকী নৃত্য বিভাগৰ শিক্ষয়িত্ৰী তথা নৃত্য গুৰু উপাধিৰে তেজপুৰৰ সৰ্বত্ৰে পৰিচিত
ৰাজ্যৰ প্ৰথম গৰাকী আনুষ্ঠানিক নৃত্যকলাৰ শিল্পী তথা শিক্ষাগুৰু অলকা চলিহাক ২০২৬ বৰ্ষৰ ঐতিহ্য তেজপুৰ সন্মান শীৰ্ষক সন্মানেৰে সন্মানিত


দৰং, ০৭ আগষ্ট (হি.স.)। ৰাজ্যৰ প্ৰথম গৰাকী আনুষ্ঠানিক নৃত্যকলাৰ শিল্পী তথা শিক্ষাগুৰু ,অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ প্ৰথম গৰাকী নৃত্য বিভাগৰ শিক্ষয়িত্ৰী তথা নৃত্য গুৰু উপাধিৰে তেজপুৰৰ সৰ্বত্ৰে পৰিচিত অলকা চলিহাক আজি ঐতিহ্য তেজপুৰ শীৰ্ষক অনুষ্ঠানে ২০২৬ বৰ্ষৰ ঐতিহ্য তেজপুৰ সন্মান শীৰ্ষক সন্মানেৰে বিভূষিত কৰে ।

উল্লেখ্য যে তেজপুৰ চহৰৰ চলিহা কুটিৰ নামৰ সংগীত ক্ষেত্ৰখনৰ হেৰিটেজ গৃহ হিচাপে পৰিগণিত ৯৪ বছৰীয়া প্ৰসিদ্ধ নৃত্যশিল্পী গৰাকীৰ বাসগৃহতে আয়োজিত অনাড়ম্বৰ অনুষ্ঠানটোত ঐতিহ্য তেজপুৰ ৰ বিষয়ববীয়া আৰু সদস্যা সকলৰ উপস্থিতিত ঐতিহ্য তেজপুৰ ৰ তৰফৰ পৰা প্ৰথমেই এসময়ৰ তেজপুৰৰ জনপ্ৰিয় কন্ঠশিল্পী তথা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে সুদীৰ্ঘ ৩০ বছৰ ধৰি গীত পৰিবেশন কৰা অঞ্জু দেৱীয়ে এটি আকৰ্ষণীয় মুকুট নৃত্যশিল্পী গৰাকীৰ শীৰত পৰিধান কৰোৱাৰ পিছত প্ৰবীণ নৃত্যশিল্পী গৰাকীৰ একালৰ ছাত্ৰী ,বিশিষ্ট সমাজকৰ্মী তথা প্ৰয়াত কমলা প্ৰসাদ আগৰৱালাৰ কন্যা মিনাক্ষী ভূঞাই এখন স্মাৰক বস্ত্ৰ পিন্ধাই৷

সুদৰ কোলকাতাৰ পৰা আহি অজয় চলিহাৰ পত্নী হিছাপে কলাগুৰু আৰু ৰূপকোৱৰ ৰ সান্নিধ্য লাভ কৰা এইগৰাকী ৯৫ বছৰীয়া আইতাই আজিও চকীত বহিয়েই নৃত্যৰ ভংগীমা দিলে৷ আজি তেও আহ্লাদিত আনন্দিত৷ নৃত্যশিল্পী গৰাকীৰ এসময়ৰ ছাত্ৰী সকল একাংশ প্ৰাক্তন ছাত্ৰীৰ উপস্থিতিত তাহানিৰ নৃত্যকলা আৰু সংগীত ক্ষেত্ৰ খনৰ কেতবোৰ স্মৃতি সদৰি কৰি নষ্টালজিক হৈ পৰে সকলো৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande