
দৰং। ৭ আগষ্ট (হি.স.)। দৰঙৰ বান পৰিস্থিতি কিছু উন্নত হৈছে।পানী শুকাবলৈ আৰম্ভ কৰিছে যদিও, একাংশ লোক আজিও আশ্ৰয় শিবিৰত থাকিব লগা হৈছে।আন একাংশই মথাউৰিতে উজাগৰী নিশা কটাইছে।যিহেতুকে একাংশৰ ঘৰৰ ভেটি পানীৰ তলত আছে।
এতিয়াও ঘৰৰ ভিতৰলৈ যাব পৰা নাই বন্যাৰ্ত৷মঠঙা গাৱৰ মিনু ডেকা নামৰ এগৰাকী আইতাৰ লগতে বহুকেইটা পৰিয়াল এতিয়াও পানী তলত৷ বস্তিৰ তামোল-পান মৰি যোৱাৰ আশংকাত ভোগিছে এইসমল গঞা৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ