ডিমৰীয়া লালমাটিত সংঘটিত পথ দুৰ্ঘটনাত নিহত মাতৃ–কন্য়া
গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। ডিমৰীয়া লালমাটিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। ডিমৰীয়াৰ লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰো বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাবটি ল’লে মাতৃ-কন্যাই। মহানগৰীৰ পৰা উজনি অভিমুখী এএছ ০৯জে ৪৪৯৪ নম্বৰৰ তীব্ৰবেগী ব
ডিমৰীয়াত লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা


ডিমৰীয়াত লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা


ডিমৰীয়াত লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা


ডিমৰীয়াত লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা


গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। ডিমৰীয়া লালমাটিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। ডিমৰীয়াৰ লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

বলেৰো বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাবটি ল’লে মাতৃ-কন্যাই।

মহানগৰীৰ পৰা উজনি অভিমুখী এএছ ০৯জে ৪৪৯৪ নম্বৰৰ তীব্ৰবেগী বলেৰো বাহনে একেদিশে গৈ থকা এএছ০১ জিইউ ৮৯৫১ নম্বৰৰ স্কুটীখনত খুন্দা মৰাৰ ফলতে সংঘটিত হয় উক্ত ভয়ংকৰ দুৰ্ঘটনাটো।

খুন্দাৰ পিছত স্কুটী খনক প্ৰায় ১০০ ফুট চোচৰাই নিয়ে বলেৰো বাহন খনে। ফলত বাহন খনৰ তলত বহু সময় ধৰি আৱদ্ধ হৈ থাকে মাতৃ-কন্যা।

দুৰ্ঘটনাত নিহত হয় নীলাক্ষী ইংতি ৰাহাং আৰু তেওঁৰ পাঁচ বছৰীয়া কন্যা অদিতি ৰাহাং।

মৃত মাতৃ-কন্যাৰ ঘৰ সোণাপুৰৰ চামতাত।

ইফালে, ঘটনাস্থলীত উপস্থিত হয় ক্ষেত্ৰী যান-বাহন আৰক্ষী। সংকটজনক অৱস্থাত দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।

উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande