
বাক্সা, ০৭ আগষ্ট (হি.স.)। মুছলপুৰ—
বাক্সা জিলাৰ ডুমুনী আৰক্ষী চকীৰ অন্তৰ্গত ডেকাদোংত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি । ডুমুনী চাহ বাগিচাৰ ১৮নং লাইনত উদ্ধাৰ মৃতদেহটো। প্লাষ্টিকেৰে ঢাকি থোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। কোনো দুৰ্বৃত্তই হত্যা কৰি প্লাষ্টিকেৰে মেৰিয়াই পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ ।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা