
নগাঁও, ০৭ আগষ্ট (হি.স.)। কলিয়াবৰত মৃতদেহ উদ্ধাৰ।কলিয়াবৰৰ দেউৰী-চিলাবন্ধাত উদ্ধাৰ মৃতদেহটো।দেউৰী-চিলাবন্ধাত আৰু বালিদোৱাৰ সংযোগী পথৰ কাষৰ পুখুৰীত উদ্ধাৰ মৃতদেহটো।
মৃতদেহটো জাৱনি গাঁৱৰ বাবুল বৰা বুলি চিনাক্ত। বৃহস্পতিবাৰে নিশা ৮ বজাত ঘৰৰ পৰা ওলাই আহিছিল লোকজন।আজি পুৱা দেউৰী-চিলাবন্ধা গাঁৱৰ পুখুৰীৰ পাৰত উদ্ধাৰ হয় চেণ্ডল আৰু চাইকেল।এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ