গৌৰীপুৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি নতুন বিতৰ্কৰ সৃষ্টি
ধুবুৰী, ০৭ আগষ্ট (হি.স.)। গৌৰীপুৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ নিৰ্মাণক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সৃষ্টি। নিম্নমানৰ কাম, ছয় মাহ ধৰি কাম বন্ধ ৰখা আৰু আধৰুৱা অৱস্থাতে বিল আদায়ৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ। তাৰ মাজতে পৰিদৰ্শনলৈ আহি ৰাইজৰ ৰোষত পৰিল
গৌৰীপুৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি নতুন বিতৰ্কৰ সৃষ্টি


ধুবুৰী, ০৭ আগষ্ট (হি.স.)। গৌৰীপুৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ নিৰ্মাণক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সৃষ্টি। নিম্নমানৰ কাম, ছয় মাহ ধৰি কাম বন্ধ ৰখা আৰু আধৰুৱা অৱস্থাতে বিল আদায়ৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ। তাৰ মাজতে পৰিদৰ্শনলৈ আহি ৰাইজৰ ৰোষত পৰিল অধীক্ষক অভিযন্তা। ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ মাত্ৰ ১০০ মিটাৰ পৰিদৰ্শন কৰিয়েই স্থান ত্যাগ কৰিলে বিষয়াই। সাংবাদিকক দেখি অস্বস্তিত পৰিল ঠিকাদাৰ আৰু অভিযন্তা।

এয়া ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৯.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছ নিৰ্মাণৰ প্ৰকল্প। প্ৰায় দুবছৰ পূৰ্বে ৩৭ শতাংশ কম মূল্যত নিবিদা লাভ কৰি ৰাজস্থানৰ বালাজী কনষ্ট্ৰাকচন কোম্পানীয়ে এই পথ নিৰ্মাণৰ কাম হাতত লৈছিল। কিন্তু বিভাগীয় তদাৰকৰ অভাৱত বিগত ছয় মাহ ধৰি সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল নিৰ্মাণ কাৰ্য। আধৰুৱা অৱস্থাতে কাম সামৰি বিল আদায়ৰ চেষ্টা চলোৱাৰ খবৰ পাই বৃহস্পতিবাৰে ক্ষোভত ফাটি পৰে স্থানীয় ৰাইজ।

তাৰ মাজতে পৰিদৰ্শনৰ বাবে ঘটনাস্থলীত উপস্থিত হয় নলবাৰী চাৰ্কলৰ অধীক্ষক অভিযন্তা নৱজ্যোতি নাথ। কিন্তু অভিযোগ অনুসৰি, ১০ কিলোমিটাৰ পথৰ মাত্ৰ ১০০ মিটাৰ পৰিদৰ্শন কৰিয়েই দায় সাৰিলে বিষয়াগৰাকীয়ে।বিগত ৬ মাহ ধৰি কাম বন্ধ হৈ আছে। এতিয়া আধৰুৱা কামৰ বিল তুলিবলৈ ঠিকাদাৰে বিষয়া মাতি আনিছে।গোলকগঞ্জ আৰু বঙাইগাঁও কাৰ্যালয়তো জনায়ো কোনো কাম হোৱা নাই।সাংবাদিকৰ উপস্থিতি দেখি পৰিদৰ্শন আৰম্ভনিতে সামৰি ঘটনাস্থলী ত্যাগ কৰে ঠিকাদাৰ আৰু অভিযন্তাৰ দলে। অৱশ্যে সংবাদ মাধ্যমৰ আগত নামমাত্র আশ্বাস দিলে অধীক্ষক অভিযন্তাগৰাকীয়ে।

নিম্নমানৰ কামৰ অভিযোগ সঁচা প্ৰমাণিত হ'লে নিয়ম অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।কাম কেতিয়া পুনৰ আৰম্ভ হ'ব বা প্ৰকল্পটোৰ ভৱিষ্যৎ কি, সেই বিষয়ে কোনো স্পষ্ট উত্তৰ নিদিলে বিষয়াগৰাকীয়ে। এতিয়া সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী তুলি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে ৰাইজে।ৰাজহুৱা ধনৰ এনে অপব্যৱহাৰ আৰু বিভাগীয় অৱহেলাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষ্যণীয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande