
ইতিহাসত ৮ আগষ্টৰ তাৰিখে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অধ্যায়ত বিশেষ তাৎপৰ্য্য বহন কৰিছে, কাৰণ ১৯৪২ চনৰ ৮ আগষ্টত মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলনৰ আহ্বান জনাইছিল।
০৮ আগষ্ট ১৯৪২ তাৰিখে মুম্বাই (সেই সময়ৰ বম্বে)ৰ গোৱালিয়া টেংক ময়দানত ভাৰতীয় কংগ্ৰেছ সমিতিৰ সভাত মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনক ভাৰত এৰা বুলি সংকেত দি ‘কৰিম বা মৰিম’ (কৰো বা মৰো) শ্ল'গান দিছিল। এই আন্দোলনে দেশজুৰি স্বাধীনতাৰ লড়াইক নতুন শক্তি দিছিল আৰু লাখ লাখ ভাৰতীয়ে স্বাধীনতাৰ বাবে সংগ্ৰামত অংশ গ্ৰহণ কৰিছিল।
আন্দোলনটো দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে গান্ধীকে ধৰি কেইবাজনো বিশিষ্ট নেতাক গ্ৰেপ্তাৰ কৰিছিল যদিও সমগ্ৰ দেশতে গণ আন্দোলন চলি থাকিল, যাৰ ফলত স্বাধীনতাৰ পথ আৰু অধিক শক্তিশালী হৈ উঠিল।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৫০৯ – মহাৰাজ কৃষ্ণদেৱ ৰায়ক বিজয়নগৰ সাম্ৰাজ্যৰ সম্ৰাট হিচাপে অভিষিক্ত কৰা হয়।
১৫৪৯ – ফ্ৰান্সে ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৬০৯ – ভেনিচৰ চেনেটে গেলিলিওৰ টেলিস্কোপ পৰিদৰ্শন কৰে।
১৭৬৩ - বছৰ বছৰ ধৰি সংগ্ৰামৰ অন্তত অৱশেষত কানাডাই ফৰাচী শাসনৰ পৰা স্বাধীনতা লাভ কৰে।
১৮৬৪ – জেনেভাত ৰেড ক্ৰছ প্ৰতিষ্ঠা হয়।
১৮৭৬ – থমাছ আলভা এডিচনে মিমিঅ'গ্ৰাফৰ পেটেণ্ট লাভ কৰে।
১৮৯৯ – এ.টি. মাৰ্শ্বলে ফ্ৰীজৰ পেটেণ্ট লাভ কৰিছিল।
১৯০০ – বষ্টনত প্ৰথম ডেভিছ কাপৰ শৃংখলা আৰম্ভ হয়।
১৯০৮ – ৰাইট ব্রাদার্ছৰ বিমান প্রথমবাৰৰ বাবে ৰাজহুৱাভাৱে প্রদর্শন কৰা হয়।
১৯১৯ - ব্ৰিটেইনে আফগানিস্তানৰ স্বাধীনতা অনুমোদন কৰে।
১৯৪২ – মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে।
১৯৪৫ – আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স আৰু ছোভিয়েট ইউনিয়নে লণ্ডন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিখন সমগ্ৰ বিশ্বৰ যুদ্ধাপৰাধীৰ বিচাৰৰ বাবে কৰা হৈছিল। ১৯৪৭ – পাকিস্তানে নিজৰ জাতীয় পতাকাত অনুমোদন জনায়।
১৯৬৩ – গ্লাছগোৰ পৰা লণ্ডনলৈ যোৱা ৰয়েল মেইল ৰে’লখনত অস্ত্ৰধাৰী ডকাইতে লুটি নিলে। চোৰে চুৰি কৰিছিল ২৬ লাখ ইউৰো। ব্ৰিটেইনত এই ঘটনাক দ্য গ্ৰেট ট্ৰেইন ডকাইতি বুলি জনা যায়।
১৯৭৪ - ৱাটাৰগেট কেলেংকাৰীত নিজৰ ভূমিকাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। পিছদিনা নিক্সনে পদত্যাগ কৰে।
১৯৮৮ – আফগানিস্তানত ৯ বছৰীয়া যুদ্ধৰ পৰা ৰাছিয়াৰ সৈন্যই আঁতৰি আহিবলৈ আৰম্ভ কৰে।
১৯৮৮ – ইৰাণ আৰু ইৰাকৰ মাজত আঠ বছৰীয়া সংঘাতৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হয়।
১৯৯০ – ইৰাকৰ তেতিয়াৰ একনায়কত্ববাদী ছাদ্দাম হুছেইনে কুৱেইট দখল কৰাৰ কথা ঘোষণা কৰে।
২০০২ – টাইৱানে স্বাধীনতাৰ বাবে গণভোট পৰিকল্পনাৰ পৰা আঁতৰি যায়।
২০০৩ - পোন্ধৰখন সৰু দেশে টাইৱানক ৰাষ্ট্ৰসংঘৰ সদস্যপদৰ সমৰ্থন কৰে।
২০০৪ – ইটালীয়ে বফৰ্চৰ উৎকোচ গোচৰৰ মূল অভিযুক্ত অটাভিঅ’ কোৱাট্ৰ’চিক ভাৰতক গতাই দিবলৈ অস্বীকাৰ কৰে।
২০০৪ – জাপানে চীনক পৰাস্ত কৰি এছিয়ান কাপ ফুটবল চেম্পিয়নশ্বিপ লাভ কৰে।
২০০৭ – ছানানা গুছমাও পূব টিমৰৰ প্ৰধানমন্ত্ৰী হয়।
২০০৮ – চীনৰ বেইজিঙত অলিম্পিক গেমছ আৰম্ভ হয়।
২০১০ - মিউনিখত অনুষ্ঠিত বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত ৫০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় তেজস্বিনী সাৱন্ত।
জন্ম
১৯৯৪ - মিৰাবাই চানু - বিখ্যাত ভাৰতীয় ভাৰোত্তোলক।
১৯৭৫ – জন বাৰ্লা - ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ।
১৯৫৫ – ৰাজীৱ মহৰ্ষি - ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক।
১৯০৮ – সিদ্ধেশ্বৰী দেৱী - ধ্ৰুপদী সংগীত গায়িকা।
১৯১৫ – ভাৰতীয় সাহিত্যিক ভীষম সাহনি।
১৯২১ – ভাৰতীয় চিকিৎসা বিজ্ঞানী ৱুলিমিৰি ৰামলিংগাস্বামী।
১৯৪০ - ভাৰতীয় ক্ৰিকেটাৰ দিলীপ চৰ্দেছাই।
১৯৪১ - লতা দেশাই - ভাৰতৰ গুজৰাট ৰাজ্যৰ বিখ্যাত মহিলা চিকিৎসক।
১৯৪২ - বলবীৰ সিং খুল্লাৰ - ভাৰতীয় হকী দলৰ প্ৰাক্তন সদস্য।
১৯৪৮ – কপিল ছিবাল - বিখ্যাত ভাৰতীয় ৰাজনীতিবিদ।
১৯৪৯ - প্ৰসন্ন আচাৰ্য - দ্বাদশ আৰু ত্ৰয়োদশ লোকসভাৰ সদস্য।
১৯৫২ – ভাৰতীয় ক্ৰিকেটাৰ সুধাকৰ ৰাও।
১৯৬৮ – ভাৰতীয় ক্ৰিকেটাৰ আবে কুৰুভিলা।
১৯০৪ - ত্ৰিভুৱন নাৰায়ণ সিং - ভাৰতীয় ৰাজনীতিবিদ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী।
১৮৯৬ – শিৱানন্দ বাবা - ভাৰতীয় ব্যক্তি যি ১২৬ বছৰ বয়সলৈকে জীয়াই আছিল বুলি কোৱা হয়।
মৃত্যু
২০২১ - অনুপম শ্যাম - ভাৰতীয় চলচ্চিত্ৰ আৰু টিভি অভিনেতা।
২০০০ - এছ নিজালিংগাপ্পা - ১৯৬৮-১৯৬৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি।
-------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ