কাজলগাঁৱতো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন
চিৰাং, ০৭ আগষ্ট (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁৱতো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন। এছ এন এ -স্পৰ্শ মডিউলৰ জৰিয়তে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি শিক্ষকৰ দৰমহা প্ৰদানৰ নীতি বাতিল ক
কাজলগাঁৱতো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন


চিৰাং, ০৭ আগষ্ট (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁৱতো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন।

এছ এন এ -স্পৰ্শ মডিউলৰ জৰিয়তে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি শিক্ষকৰ দৰমহা প্ৰদানৰ নীতি বাতিল কৰাৰ দাবীত দুপৰীয়া ১ বজাৰ পৰা চিৰাং জিলা সদৰ কাজলগাঁও স্থিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কাজলগাঁও আৰু বিজনী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সহযোগত দুই শতাধিক শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত ১ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।

আজি কাজলগাঁৱৰ শিক্ষক সন্মিলনীৰ প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচীত কাজলগাঁও আৰু বিজনী মহকুমাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰি তেওঁলোকৰ দাবী সম্বলিত শ্লোগানেৰে ধৰ্ণা স্থলী উত্তাল কৰি তোলে।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে দেশৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী, অসমৰ ৰাজ্যপাল, অসমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ সমগ্ৰ শিক্ষা অভিযানলৈ পৃথকে পৃথকে ছয় দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande