
গোলাঘাট, ০৭ আগষ্ট (হি.স.)। গোলাঘাট কমাৰবন্ধা অঞ্চলত ভয়াবহ ভাবে বৃদ্ধি পাইছে গৰু চুৰি। যোৱা নিশা কছাৰীহাই দ গাঁওৰ প্ৰশান্ত বৰাৰ গোহালিৰ পৰা এজনী গাভিনী গাই গৰু ৰোৱা পথাৰে দি চোৰে লৈ যায়। দিনটো বিচাৰি সন্ধিয়া কছাৰীহাট বনগাঁওৰ ৰীনা বেগমৰ পাছ চোতালত গৰু জনি পাই। লগে লগে গাঁও প্ৰধানক অৱগত কৰি গোলাঘাট সদৰ আৰক্ষীক খবৰ দিয়াত সদৰ আৰক্ষী উপস্থিত হৈ গৰু জনী প্ৰশান্ত বৰাক গতাই দি তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীয়ে সোধাত ৰীণা বেগমে গৰু জনী হাবিত বান্ধি থোৱা পাই ঘৰলৈ আনি বান্ধি থোৱা বুলি জানিব দিয়ে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব গৰু জনী কোনে চুৰ কৰিছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ