ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত 'ভোকেল ফৰ লোকেল' প্ৰচাৰৰ বাবে বিজেপিৰ আহ্বান
নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ শিপিনীসকলৰ অৱদানক স্মৰণ কৰে । শুকুৰবাৰে এক ভিডিঅ’ বাৰ্তাত বিজেপিৰ সভাপতি নীতিন নবীনে কয় যে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত শিল্পক প্ৰজন্মৰ পৰা
नितिन नवीन, भाजपा अध्यक्ष


নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ শিপিনীসকলৰ অৱদানক স্মৰণ কৰে । শুকুৰবাৰে এক ভিডিঅ’ বাৰ্তাত বিজেপিৰ সভাপতি নীতিন নবীনে কয় যে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত শিল্পক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত হস্ততাঁত বোৱাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তদুপৰি এই খণ্ডটো লাখ লাখ মানুহৰ জীৱিকাৰ সৈতে জড়িত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যসূচীৰ জৰিয়তে শিপিনীসকলক সহায় আগবঢ়োৱা হৈছে বুলিও তেওঁ কয়। স্বদেশী আন্দোলনৰ মনোভাৱে দেশত স্থানীয় সামগ্ৰী গ্ৰহণৰ বাবেও অনুপ্ৰাণিত কৰে। তেওঁ মানুহক হস্ততাঁত সামগ্ৰীৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰি ভাৰতৰ বৈচিত্ৰময় হস্ততাঁত পৰম্পৰাক বিশ্বৰ আগত প্ৰচাৰ কৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়।

তেওঁ কয় যে ‘ভ’কেল ফৰ লোকেল’ৰ মনোভাৱ শক্তিশালী কৰাৰ লগতে ভাৰতীয় শিপিনীৰ দক্ষতাক সন্মান জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁৰ বাৰ্তাত তেওঁ কয় যে হস্ততাঁতক প্ৰচাৰ কৰাটো স্বাৱলম্বী আৰু উন্নত ভাৰত গঢ়াৰ দিশত অৰিহণা যোগোৱাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande